কোনে কাক খেদি ফুৰে? বিতৰ্কই ৰাহুলক নে ৰাহুলে বিতৰ্কক! দেশজুৰি ভাৰত জোড়ো ন্যায় যাত্ৰা কৰি ঘুৰি ফুৰা ৰাহুল গান্ধী এইবাৰ আন এক বিতৰ্কত। নিজৰ ৰাজনৈতিক স্বাৰ্থত বলীউড অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনক লক্ষ্য কৰি লয়। আৰু ইয়াৰ পাছতেই কঠোৰ সমালোচনাৰ সন্মুখীন হয় কংগ্ৰেছ নেতাগৰাকী। বলীউডৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে উভতি ধৰে ৰাহুল গান্ধীক।
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিতাভ বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনক লক্ষ্য কৰি লয়। ৰাহুল গান্ধীৰ মন্তব্যক লৈ জাঙুৰ খাই উঠে বলীউডৰ কণ্ঠশিল্পী সোণা মহাপাত্ৰ। কণ্ঠশিল্পীগৰাকীয়ে সামাজিক মাধ্যমত ৰাহুল গান্ধীৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰে। নিজৰ মুনাফা লাভৰ বাবে ৰাজনৈতিক নেতাসকলে মহিলাক অপমান কৰা বুলি ৰাহুলৰ ওপৰত খৰ্গহস্ত হয় সোণা মহাপাত্ৰ।
সোণা মহাপাত্ৰই নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টত নেতাসকলে কিছু মুনাফা লাভৰ বাবে নিজৰ ভাষণত মহিলাসকলক অপমান কৰা বুলি ক্ষোভ উজাৰে। ঐশ্বৰ্য ৰায় বচ্চনৰ পক্ষে থিয় দি সোণা মহাপাত্ৰই ৰাহুল গান্ধীক সমালোচনা কৰে। উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ভাৰত জোড়ো ন্যায় যাত্ৰাকালত এক ভাষণত ৰাহুল গান্ধীয়ে ২২ জানুৱাৰীত অনুষ্ঠিত হৈ যোৱা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ বিজেপিক কটাক্ষ কৰে।
ৰাম মন্দিৰৰ প্ৰসং উত্থাপন কৰি ৰাহুল গান্ধীয়ে কয় যে দেশৰ জনসংখ্যাৰ ৭৩ শতাংশ অ’বিচি আৰু দলিত লোকৰ কোনো উক্ত অনুষ্ঠানত উপস্থিত নাছিল আৰু তাত কেৱল ধনাঢ্য আৰু বলীউড তাৰকাসকলহে উপস্থিত আছিল। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অমিতাভ বচ্চন, ঐশ্বৰ্য ৰায় বচ্চন আৰু নৰেন্দ্ৰ মোদী উপস্থিত থকা বুলি কয় ৰাহুল গান্ধীয়ে। ৰাহুলে নিজৰ ভাষণত লগতে কয়, ‘টেলিভিশ্যনে কেৱল ঐশ্বৰ্যৰ নৃত্য দেখায়, দুখীয়াসকলৰ ক্ষেত্ৰত একো নেদেখায়।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ