৪০ বছৰ পাচত পুনৰ মহাকাশলৈ যাব ভাৰতীয় মহাকাশচাৰী। মহাকাশলৈ যাবলৈ সাজু ৪ ভাৰতীয়। ইতিহাসত নাম লিপিবদ্ধ হ’ব ৪ ভাৰতীয় মহাকাশচাৰীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰকাশ কৰে গগনযান অভিযানৰ বাবে নিৰ্বাচিত হোৱা চাৰিজন মহাকাশচাৰীৰ নাম। মহাকাশচাৰীসকলে বৰ্তমান দেশৰ প্ৰথম মানৱ মহাকাশ উৰণ অভিযানৰ বাবে প্ৰশিক্ষণ লৈ আছে। গগনযান মিছনৰ বাবে ইছৰোৰ বিভিন্ন কেন্দ্ৰত ব্যাপক প্ৰস্তুতি চলি আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই মহাকাশচাৰীকেইজনক বিশেষভাৱে সম্বৰ্ধনা জনায়। মহাকাশচাৰীকেইজন হৈছে গ্ৰুপ কেপ্তেইন প্ৰশান্ত বালকৃষ্ণন নায়াৰ, গ্ৰুপ কেপ্তেইন অজিত কৃষ্ণন, গ্ৰুপ কেপ্তেইন অংগদ প্ৰতাপ আৰু উইং কমাণ্ডাৰ শুভাংশু শুক্লা।
আজি তিৰুৱনন্তপুৰমৰ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত গগনযান অভিযানৰ বাবে নিৰ্বাচিত চাৰিজন মহাকাশচাৰীক দেশবাসীৰ আগত পৰিচয় কৰাই দিলে প্ৰধানমন্ত্ৰীয়ে। এই মানৱ মহাকাশ উৰণ অভিযানৰ লক্ষ্য হৈছে তিনিজনীয়া দল এটাক নিম্ন পৃথিৱীৰ কক্ষপথত নিক্ষেপ কৰি তিনিদিনৰ পিছত তেওঁলোকক ঘূৰাই অনা। অভিযানৰ বাবে নিৰ্বাচিত মহাকাশচাৰীসকলক কাৰিকৰী জ্ঞানৰ লগতে শাৰীৰিক ফিটনেছৰ প্ৰশিক্ষণ দিয়া হৈছে যাতে তেওঁলোকে অভিযানৰ সময়ত ভালদৰে থাকিব পাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই চাৰিটা কেৱল নাম বা চাৰিজন মানুহ নহয়। এই চাৰিটা শক্তি যিয়ে ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষাক মহাকাশলৈ লৈ যাব।
৪০ বছৰৰ পাছত পুনৰ কোনো ভাৰতীয় মহাকাশলৈ যাব। কিন্তু এইবাৰ সময়, কাউণ্টডাউন আৰু ৰকেট ভাৰতীয় হ’ব। ১৯৮৪ চনত উইং কমাণ্ডাৰ ৰাকেশ শৰ্মা মহাকাশলৈ গৈছিল। ছোভিয়েট মিছনৰ অংশ হিচাপে মহাকাশলৈ গৈছিল ৰাকেশ শৰ্মা।
প্ৰধানমন্ত্ৰীয়ে কয় যে যি সময়ত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’বলৈ সাজু হৈছে, সেই সময়ত গগনযান অভিযানে দেশৰ মহাকাশ খণ্ডক নতুন উচ্চতালৈ লৈ যাব। মহাকাশ প্ৰযুক্তি খণ্ডত মহিলা বিজ্ঞানীসকলে গ্ৰহণ কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকাও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে মহাকাশ খণ্ডত ভাৰতৰ নাৰী শক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। চন্দ্ৰযান হওক বা গগনযান হওক, মহিলা বিজ্ঞানী অবিহনে এনে কোনো অভিযান কল্পনা কৰিব নোৱাৰি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ