এটা তুচ্ছ ঘটনাক কেন্দ্ৰ কৰি যোৰহাট চহৰৰ মাজ মজিয়াত, সদৰ থানাৰ পৰা মাত্ৰ কেইগজমান দূৰত, যোৱা ৩০ নবেম্বৰৰ দিনা এজন ডেকা ল’ৰাক এদল মানুহে মৰিয়াই মৰিয়াই মাৰি পেলালে৷ পুলিচে একো কৰিব নোৱাৰিলে৷ যোৰহাট চহৰৰ মানুহো নিৰ্বিকাৰ হৈ থাকিল৷ ই পুলিচ প্ৰশাসনৰ চূড়ান্ত ব্যৰ্থতা৷ কিয়নো জনসাধাৰণক সুৰক্ষা আৰু নিৰাপত্তা দিয়াটো তেওঁলোকৰ প্ৰধান কৰ্তব্য৷ পুলিচৰ এই ব্যৰ্থতাক আমি নিন্দা কৰোঁ আৰু গৰিহণা দিওঁ৷ কিন্তু, নাগৰিক হিচাপে আমিও এই ক্ষেত্ৰত আমাৰ ব্যৰ্থতা স্বীকাৰ কৰা উচিত৷ যোৰহাটৰ দৰে চহৰ এখনত দিন দুপৰতে এনে এটা ঘটনা ঘটিল, অথচ ঘটনাস্থলীৰ ওচৰেপাঁজৰে থকা ৰাইজ নিৰ্বিকাৰ হৈ থাকিল! এইটো আমাৰ সামাজিক জীৱনৰ এক অৱক্ষয় আৰু নাগৰিক হিচাপে আমাৰ গুৰুতৰ ব্যৰ্থতা৷ ই বৰ পৰিতাপৰ কথা৷ তাতোকৈ ভয়াবহ আৰু উদ্বেগজনক হৈছে পুলিচ প্ৰশাসনৰ ভূমিকা৷ ঘটনাটোৰ লগত জড়িত মূল অভিযুক্ত ব্যক্তিজনক পুলিচে গ্ৰেপ্তাৰ কৰিলে আৰু পুলিচৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে গাড়ীৰ খুন্দাত তেওঁৰ মৃত্যু হোৱা বুলি কোৱা হ’ল৷ যি পৰিস্থিতিত অভিযুক্ত ব্যক্তি গৰাকীৰ মৃত্যু হৈছে, তাৰ পৰা অনুমান হয় ঘটনাটো যেন পূৰ্ব পৰিকল্পিত আছিল৷ আমি এনেদৰে বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ কিয়নো যোৱা সময়ছোৱাত এনেকৈ অপৰাধীক হত্যা কৰাটো অসম আৰক্ষীৰ বাবে যেন এটা নিয়মত পৰিণত হৈছে৷ ৰাইজৰ এটা অংশইও নিৰ্বোধৰ দৰে ইয়াত উজান দিছে, উল্লাসিত হৈ সমৰ্থন জনাইছে৷ সমাজত শান্তি- শৃংখলা বৰ্তাই ৰখা আৰু সাধাৰণ মানুহক নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱা আৰক্ষীয়ে এনেকৈ বিনা বিচাৰে অভিযুক্তক মৃত্যুদণ্ড দিয়াটো এটা অতি ভয়াবহ প্ৰৱণতা৷ অসম আৰক্ষীক কোনে এই ক্ষমতা দিলে? ই সভ্য সমাজ আৰু আইনৰ শাসনৰ সম্পূৰ্ণ পৰিপন্থী৷ যোৰহাটৰ সদৰ থানাৰ প্ৰায় সন্মুখতে কেনেকৈ এদল মানুহে এজন ডেকা ল’ৰাক মৰিয়াই হত্যা কৰিব পাৰিলে আৰু কৰায়ত্ত কৰা মূল অভিযুক্তজনৰ পুলিচৰ জিম্মাত কেনেদৰে মৃত্যু হ’ল তাৰ শীঘ্ৰে এক ন্যায়িক তদন্তৰ নিৰ্দেশ দিবলৈ আমি অসম নাগৰিক সমাজৰ ফালৰ পৰা চৰকাৰৰ ওচৰত দাবী জনাওঁ৷
হৰেকৃষ্ণ ডেকা (সভাপতি), অজিত কুমাৰ ভূঞা (কাৰ্য্যকৰী সভাপতি), প্ৰশান্ত ৰাজগুৰু (উপসভাপতি), পৰেশ মালাকাৰ (সাধাৰণ সম্পাদক)
অসম নাগৰিক সমাজ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















