অসম লাইভ ২৪ঃ দেশত ক’ৰোনাৰ ভয়াৱহ পৰিস্থিতিক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। স্বাস্থ্য সচিব আৰু কেবিনেট সচিবৰ উপস্থিতিত দেওবাৰে প্ৰধানমন্ত্ৰীয়ে সম্পন্ন কৰে এক উচ্চস্তৰীয় বৈঠক। বৈঠকত উপস্থিত থাকে জ্যেষ্ঠ চিকিৎসক বিনোদ পাল। বৈঠকত কোভিড প্ৰসংগৰ লগতে টীকাকৰণ সন্দৰ্ভতো আলোচনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিগত ২৫ দিনত উদ্বেগজনকভাৱে ভাৰতত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। সম্প্ৰতি দেশত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ ১,২৪,৮৫,৫০৯ গৰাকী হৈছেগৈ। দেওবাৰে কোভিডত নতুনকৈ আক্ৰান্ত হৈছে ৯৩,২৪৯ গৰাকী লোক। কোভিড আক্ৰান্তৰ সমান্তৰালকৈ দেশত মৃত্যু হৈছে ৫১৩ গৰাকী কোভিড ৰোগী। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ১৮ ডিচেম্বৰৰ পাছত দেওবাৰে সৰ্বাধিক লোক ক’ৰোনাত আক্ৰান্ত হৈছে এদিনত। সমগ্ৰ দেশৰ লগতে ভয়াৱহ হাৰত অসমতো বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। কোভিডৰ দ্বিতীয় ঢৌত ৰাজ্যত সংক্ৰমিত হৈছে ৬৫০ গৰাকী লোক। ইফালে, দেশত তীব্ৰ গতিত চলি আছে ভেকচিনেচন কাৰ্যসূচী। সংক্ৰমণ ৰোধৰ উদ্দেশ্যে ৰাজ্যসমূহলৈও কঠোৰ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ