ৰাছিয়াৰ পৰা আমেৰিকা, ফ্ৰান্সৰ পৰা মৰিচাছ৷ তৃতীয়বাৰ প্ৰধানমন্ত্ৰীৰ পদত বহাৰ পাছৰ পৰা একাধিকবাৰ বিদেশ যাত্ৰা কৰিছে নৰেন্দ্ৰ মোদীয়ে৷ তেওঁৰ এই বিদেশ যাত্ৰাত খৰচৰ পৰিমাণক লৈয়ো প্ৰশ্ন উঠিছে সংসদত৷ সম্প্ৰতি এই খৰচৰ হিচাপ প্ৰকাশ হৈছে৷ মোদীৰ বিদেশ ভ্ৰমণত কিমান খৰচ হৈছে?
২০২২ চনৰ মে মাহৰ পৰা ২০২৪চনৰ ডিচেম্বৰ মাহ পৰ্যন্ত দ্বিপাক্ষিক বৈঠক আৰু বিভিন্ন ইভেণ্টত যোগদান কৰিবলৈ মুঠ ৩৮ বাৰ বিদেশ যাত্ৰা কৰিছে নৰেন্দ্ৰ মোদীয়ে৷ যাৰ বাবে চৰকাৰী কোষাগাৰৰ পৰা খৰচ হৈছে ২৫৯ কোটি টকা৷ সংসদত এই তথ্য পেছ কৰিছে কেন্দ্ৰই৷ বিভিন্ন ক্ষেত্ৰত এই বিপুল অংকৰ টকা খৰচ হৈছে৷ তাৰ মাজত আছে থকাৰ খৰচ, একাধিকবাৰ ভেন্যু পৰিবৰ্তন, নিৰাপত্তা, যাতায়াতৰ খৰচ আৰু অন্যান্য৷ মুঠ ২৫৯ কোটি টকাৰ মাজত বিভিন্ন দেশত প্ৰধানমন্ত্ৰীয়ে থকাৰ বাবে খৰচ হৈছে ১০৪ কোটি টকা৷ আনুসংগিক খৰচ হৈছে ৭৫ কোটি ৭লাখ টকা৷ যাতায়তৰ বাবদ খৰচ হৈছে ৭১ কোটি ১ লাখ টকা৷ বৰ্ষীয়াং কংগ্ৰেছ সাংসদ মল্লিকাৰ্জুন খাৰ্গে নৰেন্দ্ৰ মোদীৰ বিদেশ যাত্ৰাৰ খৰচক লৈয়ো প্ৰশ্ন উঠিছে৷ যাৰ উত্তৰ দিছে বিদেশ প্ৰতিমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই৷ তেতিয়া জনোৱা হৈছে যে খৰচৰ এই অংকৰ মাজত আছে চৰকাৰী অধিকাৰিক, নিৰাপত্তা আৰু সংবাদমাধ্যমৰ প্ৰতিনিধিসকলৰ বাবে খৰচ হোৱা টকা৷
সকলোতকৈ বেছি খৰচ হৈছে নৰেন্দ্ৰ মোদীৰ মাৰ্কিন যাত্ৰাত৷ মুঠ খৰচৰ পৰিমাণ আছিল ৩৮ কোটি ২লাখ টকা৷ ইয়াৰোপৰি জাপান যাত্ৰাত খৰচ হৈছে ৩৩ কোটি টকা৷ জাৰ্মানী যাত্ৰাৰ বাবে খৰচ হৈছে ২৩ কোটি ৯লাখ টকা, ৰাছিয়া ভ্ৰমণৰ বাবে ১৬ কোটি ১ লাখ টকা, ফ্ৰান্স ভ্ৰমণত ১৫ কোটি ৭লাখ টকা, ইটালী ভ্ৰমণত খৰচ হৈছে ১৪ কোটি ৪লাখ টকা আৰু সংযুক্ত আৰৱ আমিৰশাহীলৈ যোৱাত খৰচ হৈছে ১২ কোটি ৭লাখ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ