• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জন্মদিনত প্ৰাক্তনলৈ শুভেচ্ছা মোদীৰ, মনমোহন সিঙক ওপজা দিনৰ শুভেচ্ছা জনাই কি লিখিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

জন্মদিনত প্ৰাক্তনলৈ শুভেচ্ছা মোদীৰ, মনমোহন সিঙক ওপজা দিনৰ শুভেচ্ছা জনাই কি লিখিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

2 years ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

54 minutes ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

2 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

3 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

19 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

21 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

21 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

22 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

23 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

1 day ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

1 day ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

1 day ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জন্মদিনত প্ৰাক্তনলৈ শুভেচ্ছা মোদীৰ, মনমোহন সিঙক ওপজা দিনৰ শুভেচ্ছা জনাই কি লিখিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

editor by editor
September 26, 2023
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
জন্মদিনত প্ৰাক্তনলৈ শুভেচ্ছা মোদীৰ, মনমোহন সিঙক ওপজা দিনৰ শুভেচ্ছা জনাই কি লিখিলে প্ৰধানমন্ত্ৰী মোদীয়ে?
0
SHARES
316
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ওপজা দিনত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক শুভেচ্ছা জনাইছে নৰেন্দ্ৰ মোদীয়েও। এক্স হেণ্ডেলত প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি দিছে বিশেষ বাৰ্তা। মঙলবাৰে ৯১ বছৰ বয়সত ভৰি দিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে। ৯১ সংখ্যক জন্মদিনত বৰ্তমানৰ প্ৰধানমন্ত্ৰী মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰি লিখিলে, ‘মনমোহনজী আপোনাক ৯১ সংখ্যক ওপজা দিনৰ শুভেচ্ছা জনাইছো। ইয়াৰোপৰি আপোনাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যও কামনা কৰিছো।’

১৯৩২ চনত পশ্চিম পঞ্জাৱত জন্মগ্ৰহণ কৰিছিল মনমোহন সিঙে। বৰ্তমান সেই অঞ্চলটো পাকিস্তানৰ অন্তৰ্গত। বিশিষ্ট অৰ্থনীতিবিদ হিচাপে পৰিচিত মনমোহন সিঙে ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি থৈছিল ১৯৯১ চনত। তদানীন্তন প্ৰধানমন্ত্ৰী নৰছিমা ৰাও মন্ত্ৰীসভাত বিত্তমন্ত্ৰী হিচাপে পোনতে ৰাজনীতিত ভৰি থয় মনমোহন সিঙে। ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ তেওঁ বিত্তমন্ত্ৰীৰ দায়িত্বত থাকে। মনমোহন সিং বিত্তমন্ত্ৰীৰ দায়িত্বত থাকোতেই দেশত কেইবাখনো বৈদেশিক বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল।

বৰ্তমান দেশত চলিত উদাৰ অৰ্থনীতিৰ ধাৰাও মনমোহন সিঙেই আৰম্ভ কৰিছিল। সেই সময়ত স্বাক্ষৰিত ঐতিহাসিক গেট চুক্তিও আনিছিল মনমোহন সিঙেই। বিত্তমন্ত্ৰী হিচাপে তেওঁৰ কৃতকাৰ্যতাৰ বাবেই ১৯৯৩ চনত তেওঁক ফাইনেন্স মিনিষ্টাৰ অৱ দ্যা ইয়াৰ হিচাপে ইউৰোমানি পুৰস্কাৰেৰেও সন্মানিত কৰা হৈছিল। ১৯৯৩-১৯৯৪ চনৰ ফাইনেন্স মিনিষ্টাৰ অৱ দ্যা ইয়াৰ ফল এছিয়া হিচাপে পুৰস্কৃত হৈছিল সেই সময়ৰ বিত্তমন্ত্ৰী মনমোহন সিং।

২০০৪ চনত কেন্দ্ৰত আকৌ কংগ্ৰেছৰ চৰকাৰ আহে। সেই সময়ত দলৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীৰ পদ যচা হয় মনমোহন সিঙক। প্রখ্যাত অৰ্থনীতিবিদগৰাকীৰ হাতত এই পদ তুলি দিয়াত সকলোৱেই আন্তৰিকতাৰে সমৰ্থনো জনায়। ২০০৪ চনৰ পৰা ২০১৪ চন পৰ্যন্ত তেওঁ প্ৰধানমন্ত্ৰীৰ আসনত থাকে। জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ পাছত তেৱেই কংগ্ৰেছৰ এনে এগৰাকী প্ৰধানমন্ত্ৰী যিয়ে একেৰাহে দুবাৰকৈ দেশৰ প্রধানমন্ত্ৰীৰ আসনত বহিছিল।

দেশৰ প্রধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ ওপৰিও আইএমএফত ভাৰতৰ গভৰ্নৰ দায়িত্বও পালন কৰিছিল। দায়িত্ব লৈছিল ৰিজাৰ্ভ বেংকৰ গভৰ্নৰৰো। ইউজিছিৰ চেয়াৰপাৰ্ছনৰ দায়িত্বও লৈছিল মনমোহন সিঙে। বৰ্তমান ৰাজ্যসভাৰ সাংসদ হিচাপে থকা মনমোহন সিঙে দীৰ্ঘদিন ধৰি বয়স্কজনিত ৰোগত ভূগি আছে। এই অসুস্থতাৰ মাজতো তেওঁ মণিপুৰৰ বাবে বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱত ভোট দিবৰ বাবে সংসদত উপস্থিত হৈছিল। হুইল ছেয়াৰত বহি সংসদত উপস্থিত হোৱাৰ দৃশ্য সমগ্ৰতে ভাইৰেলো হৈ পৰিছিল। বহুতেই এই ছবি দেখি কৈছিল, এয়াই প্ৰকৃত ৰাজনীতিবিদ।

বিগত ৯ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত জি-২০ সন্মীলনত ভাগ ল’বৰ বাবে তেওঁক আমন্ত্ৰণ জনোৱা হৈছিল। এই সন্মীলনক লৈ তেওঁ সৰ্বভাৰতীয় এক সংবাদমাধ্যমত নিজৰ প্ৰতিক্ৰিয়া দাঙি ধৰিছিল। সন্মিলনৰ বাবে তেওঁ মোদী চৰকাৰক শুভেচ্ছা জনোৱাৰ লগতে এই সন্মিলন আয়োজন কৰাটো দেশৰ বাবে গৌৰৱৰ খবৰ বুলিও উল্লেখ কৰিছিল। ইয়াৰোপৰি বৰ্তমান ভাৰত চৰকাৰে যি বৈদেশিক নীতি গ্ৰহণ কৰিছে তাৰো প্রশংসা কৰিছিল প্ৰাক্তন প্রধানমন্ত্ৰী মনমোহন সিঙে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
Next Post
৫১ মিনিটৰ ভাষণত ৪৪ বাৰেই কংগ্ৰেছৰ নাম ল’লে মোদীয়ে! উন্নয়নৰ শ্লোগান দিবলৈ উন্নয়ন একো নাই নেকি বুলি প্রশ্ন কংগ্ৰেছ নেতাৰ

৫১ মিনিটৰ ভাষণত ৪৪ বাৰেই কংগ্ৰেছৰ নাম ল’লে মোদীয়ে! উন্নয়নৰ শ্লোগান দিবলৈ উন্নয়ন একো নাই নেকি বুলি প্রশ্ন কংগ্ৰেছ নেতাৰ

১৬ বছৰ পূৰ্বেই মৃত্যু হৈছে স্বামীৰ, কেৱলমাত্ৰ স্বামীৰ কণ্ঠস্বৰ এবাৰ শুনিবলৈকে মেট্ৰ ষ্টেচনলৈ সদায়ে যায় এগৰাকী মহিলা

১৬ বছৰ পূৰ্বেই মৃত্যু হৈছে স্বামীৰ, কেৱলমাত্ৰ স্বামীৰ কণ্ঠস্বৰ এবাৰ শুনিবলৈকে মেট্ৰ ষ্টেচনলৈ সদায়ে যায় এগৰাকী মহিলা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.