অসম লাইভ২৪ঃ ওপজা দিনত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক শুভেচ্ছা জনাইছে নৰেন্দ্ৰ মোদীয়েও। এক্স হেণ্ডেলত প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি দিছে বিশেষ বাৰ্তা। মঙলবাৰে ৯১ বছৰ বয়সত ভৰি দিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে। ৯১ সংখ্যক জন্মদিনত বৰ্তমানৰ প্ৰধানমন্ত্ৰী মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰি লিখিলে, ‘মনমোহনজী আপোনাক ৯১ সংখ্যক ওপজা দিনৰ শুভেচ্ছা জনাইছো। ইয়াৰোপৰি আপোনাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যও কামনা কৰিছো।’
১৯৩২ চনত পশ্চিম পঞ্জাৱত জন্মগ্ৰহণ কৰিছিল মনমোহন সিঙে। বৰ্তমান সেই অঞ্চলটো পাকিস্তানৰ অন্তৰ্গত। বিশিষ্ট অৰ্থনীতিবিদ হিচাপে পৰিচিত মনমোহন সিঙে ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি থৈছিল ১৯৯১ চনত। তদানীন্তন প্ৰধানমন্ত্ৰী নৰছিমা ৰাও মন্ত্ৰীসভাত বিত্তমন্ত্ৰী হিচাপে পোনতে ৰাজনীতিত ভৰি থয় মনমোহন সিঙে। ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ তেওঁ বিত্তমন্ত্ৰীৰ দায়িত্বত থাকে। মনমোহন সিং বিত্তমন্ত্ৰীৰ দায়িত্বত থাকোতেই দেশত কেইবাখনো বৈদেশিক বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল।
বৰ্তমান দেশত চলিত উদাৰ অৰ্থনীতিৰ ধাৰাও মনমোহন সিঙেই আৰম্ভ কৰিছিল। সেই সময়ত স্বাক্ষৰিত ঐতিহাসিক গেট চুক্তিও আনিছিল মনমোহন সিঙেই। বিত্তমন্ত্ৰী হিচাপে তেওঁৰ কৃতকাৰ্যতাৰ বাবেই ১৯৯৩ চনত তেওঁক ফাইনেন্স মিনিষ্টাৰ অৱ দ্যা ইয়াৰ হিচাপে ইউৰোমানি পুৰস্কাৰেৰেও সন্মানিত কৰা হৈছিল। ১৯৯৩-১৯৯৪ চনৰ ফাইনেন্স মিনিষ্টাৰ অৱ দ্যা ইয়াৰ ফল এছিয়া হিচাপে পুৰস্কৃত হৈছিল সেই সময়ৰ বিত্তমন্ত্ৰী মনমোহন সিং।
২০০৪ চনত কেন্দ্ৰত আকৌ কংগ্ৰেছৰ চৰকাৰ আহে। সেই সময়ত দলৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীৰ পদ যচা হয় মনমোহন সিঙক। প্রখ্যাত অৰ্থনীতিবিদগৰাকীৰ হাতত এই পদ তুলি দিয়াত সকলোৱেই আন্তৰিকতাৰে সমৰ্থনো জনায়। ২০০৪ চনৰ পৰা ২০১৪ চন পৰ্যন্ত তেওঁ প্ৰধানমন্ত্ৰীৰ আসনত থাকে। জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ পাছত তেৱেই কংগ্ৰেছৰ এনে এগৰাকী প্ৰধানমন্ত্ৰী যিয়ে একেৰাহে দুবাৰকৈ দেশৰ প্রধানমন্ত্ৰীৰ আসনত বহিছিল।
দেশৰ প্রধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ ওপৰিও আইএমএফত ভাৰতৰ গভৰ্নৰ দায়িত্বও পালন কৰিছিল। দায়িত্ব লৈছিল ৰিজাৰ্ভ বেংকৰ গভৰ্নৰৰো। ইউজিছিৰ চেয়াৰপাৰ্ছনৰ দায়িত্বও লৈছিল মনমোহন সিঙে। বৰ্তমান ৰাজ্যসভাৰ সাংসদ হিচাপে থকা মনমোহন সিঙে দীৰ্ঘদিন ধৰি বয়স্কজনিত ৰোগত ভূগি আছে। এই অসুস্থতাৰ মাজতো তেওঁ মণিপুৰৰ বাবে বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱত ভোট দিবৰ বাবে সংসদত উপস্থিত হৈছিল। হুইল ছেয়াৰত বহি সংসদত উপস্থিত হোৱাৰ দৃশ্য সমগ্ৰতে ভাইৰেলো হৈ পৰিছিল। বহুতেই এই ছবি দেখি কৈছিল, এয়াই প্ৰকৃত ৰাজনীতিবিদ।
বিগত ৯ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত জি-২০ সন্মীলনত ভাগ ল’বৰ বাবে তেওঁক আমন্ত্ৰণ জনোৱা হৈছিল। এই সন্মীলনক লৈ তেওঁ সৰ্বভাৰতীয় এক সংবাদমাধ্যমত নিজৰ প্ৰতিক্ৰিয়া দাঙি ধৰিছিল। সন্মিলনৰ বাবে তেওঁ মোদী চৰকাৰক শুভেচ্ছা জনোৱাৰ লগতে এই সন্মিলন আয়োজন কৰাটো দেশৰ বাবে গৌৰৱৰ খবৰ বুলিও উল্লেখ কৰিছিল। ইয়াৰোপৰি বৰ্তমান ভাৰত চৰকাৰে যি বৈদেশিক নীতি গ্ৰহণ কৰিছে তাৰো প্রশংসা কৰিছিল প্ৰাক্তন প্রধানমন্ত্ৰী মনমোহন সিঙে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ