• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৬ বছৰ পূৰ্বেই মৃত্যু হৈছে স্বামীৰ, কেৱলমাত্ৰ স্বামীৰ কণ্ঠস্বৰ এবাৰ শুনিবলৈকে মেট্ৰ ষ্টেচনলৈ সদায়ে যায় এগৰাকী মহিলা

১৬ বছৰ পূৰ্বেই মৃত্যু হৈছে স্বামীৰ, কেৱলমাত্ৰ স্বামীৰ কণ্ঠস্বৰ এবাৰ শুনিবলৈকে মেট্ৰ ষ্টেচনলৈ সদায়ে যায় এগৰাকী মহিলা

3 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

5 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

5 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

6 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

6 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

7 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

7 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

8 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

9 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

9 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

10 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

11 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১৬ বছৰ পূৰ্বেই মৃত্যু হৈছে স্বামীৰ, কেৱলমাত্ৰ স্বামীৰ কণ্ঠস্বৰ এবাৰ শুনিবলৈকে মেট্ৰ ষ্টেচনলৈ সদায়ে যায় এগৰাকী মহিলা

editor by editor
September 28, 2023
in বিবিধ, বিশ্ব
0
১৬ বছৰ পূৰ্বেই মৃত্যু হৈছে স্বামীৰ, কেৱলমাত্ৰ স্বামীৰ কণ্ঠস্বৰ এবাৰ শুনিবলৈকে মেট্ৰ ষ্টেচনলৈ সদায়ে যায় এগৰাকী মহিলা
0
SHARES
758
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এই পৃথিৱীত প্ৰেমৰ গল্পৰ জানো আকাল আছে। প্ৰেম আছে বাবেইতো এই পৃথিৱী ইমান সুন্দৰ। তাৰমাজতেই এনে কিছু ব্যতিক্ৰম প্ৰেমগাথা থাকে যি প্ৰেমে কোটি কোটি জনৰ মন চুই যায়। যি প্ৰেমে আমাক জীৱনবোধ শিকাই যায়। তেনে প্ৰেমই আছে মাৰ্গাৰেট মেকলামৰ জীৱনতো। তেওঁৰ কাহিনী অইন ১০০টা প্ৰেম কাহিনীতকৈ কিছু পৃথক। স্বামীক কাষত নোপোৱা প্ৰায় ১৬ বছৰেই হ’ল। কিন্তু এই ১৬ বছৰত প্ৰতিদিনেই তেওঁ স্বামীৰ কণ্ঠস্বৰ শুনে। এইয়া কোনো সাধুকথাও নহয়। সঁচা অৰ্থত প্ৰত্যেকদিনেই তেওঁ স্বামীৰ কণ্ঠ শুনা পায়। কিন্তু ঘৰত তেওঁ সেই কণ্ট নুশুনে। স্বামীৰ কণ্ঠ শুনিবৰ বাবে প্ৰত্যেকদিনাই তেওঁ এটা বিশেষ মেট্ৰ ষ্টেচনলৈ যায়। শীত হওক বা বৰ্ষা সেই বিশেষ সময়খিনিত তেওঁ বিশেষ মেট্ৰ ষ্টেচনত সদায়েই উপস্থিত হয়। উদ্দেশ্যও এটাই স্বামীৰ কণ্ঠস্বৰ শুনা। লণ্ডনৰ এমবেংকমেণ্ট মেট্ৰ ষ্টেচনত তেওঁ সদায়ে উপস্থিত হৈ স্বামীৰ কণ্ঠস্বৰ শুনি আকৌ ঘৰমূৱা হয়।

লণ্ডনৰ এমবেংকমেণ্ট মেট্ৰো ষ্টেচনত বহি তেওঁ স্বামীৰ কণ্ঠস্বৰ শুনে। ২০০৭ চনতেই মাৰ্গাৰেটৰ স্বামী এছৱাল্ড লৰেন্সৰ মৃত্যু হৈছে। লৰেন্স আছিল থিয়েটাৰ অভিনেতা। ইয়াৰোপৰি তেওঁ লণ্ডনৰ মেট্ৰ তথা আণ্ডাৰগ্ৰাউণ্ডৰ ঘোষক আছিল। ১৯৫০ চনত তেওঁৰ কণ্ঠত ৰেকৰ্ড কৰা হৈছিল, ‘অনুগ্ৰহ কৰি দূৰত্ব বজায় ৰাখক।’ লৰেন্সৰ এই কণ্ঠস্বৰ তেতিয়াৰে পৰাই লণ্ডনৰ মেট্ৰ ষ্টেচনত আছে। লৰেন্সৰ এই কণ্ঠস্বৰতেই যাত্ৰীসকল সতৰ্ক হয়। মেট্ৰ ৰেলত যেতিয়া ষ্টেচনলৈ প্ৰৱেশ কৰে তেতিয়া এই ঘোষণা শুনি দূৰত্ব বজাই ৰাখি লাইনত থিয় হয় যাত্ৰী। অভিনয়ৰ ওপৰিও এটা পৰ্যটন সংস্থাৰ সৈতেও লৰেন্সে কাম কৰিছিল। ১৯৯২ চনত মৰক্কোত মাৰ্গাৰেটৰ সৈতে পৰিচিত হৈছিল লৰেন্স। সেই দেখাতেই প্ৰেম। লৰেন্স আৰু মাৰ্গাৰেটৰ মাজত প্ৰেম বিবাহ হয়। তেতিয়াৰে পৰাই ১৫ বছৰ ধৰি দুয়ো একেখন ছাদৰ তলতে বসবাস কৰি আছিল। কিন্তু জীৱনৰ শেষ সত্য মানি ২০০৭ চনত ৮৬ বছৰ বয়সত প্ৰাণ হেৰুৱাই লৰেন্সে। স্বামীৰ মৃত্যুত ভাঙি পৰে মাৰ্গাৰেট। তাৰপিছতেই হাহাকাৰ কৰি থকা মনটোক অকণ বুজনি দিবলৈকে তেওঁ লণ্ডনৰ মেট্ৰ ষ্টেচনলৈ স্বামীৰ মাত শুনিবলৈকে যাব ধৰিলে।

প্ৰথমে তেওঁ এদিন দুদিন গৈছিল। কিন্তু লাহে লাহে এয়া অভ্যাসতেই পৰিণত হৈ পৰিল। স্বামীৰ মাত দিনটোত এবাৰ শুনিবলৈকে সেই ষ্টেচনলৈ যোৱা কৰিলে মাৰ্গাৰেটে। বাৰে বাৰে স্বামীৰ কণ্ঠ শুনিয়েই স্বামীহীনতাৰ যন্ত্ৰণাক পাহৰি থকাৰো চেষ্টা কৰে মাৰ্গাৰেটে। বিবিচিৰ সন্মুখত দিয়া এক সাক্ষাৎকাৰত মাৰ্গাৰেটে কয়, ‘লৰেন্সৰ মৃত্যুৰ পাছত মই প্ৰত্যেক দিনাই এই ষ্টেচনলৈ আহো। ক্ষন্তেক মেট্ৰ ষ্টেচনত বহো। অপেক্ষা কৰো, পৰবৰ্তী ট্ৰেইন কেতিয়া আহিব। কেতিয়া তেওঁৰ কণ্ঠটো শুনো।’

কিন্তু ২০১২ চনৰ নৱেম্বৰ মাহৰ এটা দিনত পূৰ্বৰ দৰেই তেওঁ ষ্টেচনত বহি আছিল। তেওঁ বহি থকাৰ সময়তে কেইবাখনো ট্ৰেইন তেওঁৰ সন্মুখেৰে পাৰ হৈ গ’ল। কিন্তু ঘোষণাত লৰেন্সৰ মাত আৰু শুনা নগ’ল। লগে লগেই মাৰ্গাৰেটে মেট্ৰোৰেলৰ কৰ্তৃপক্ষৰ সৈতে বিষয়টো সন্দৰ্ভত বুজ ল’বলৈ চেষ্টা কৰে। কিয় লৰেন্সৰ মাত বন্ধ কৰি দিয়া হ’ল সেই বিষয়েও প্ৰশ্ন কৰে। তেতিয়া মেট্ৰ কৰ্তৃপক্ষই কয় যে নতুন ডিজিটেল প্ৰযুক্তিৰ মাধ্যমেৰে এতিয়াৰে পৰা মেট্ৰৰ ঘোষণাসমূহ কৰা হ’ব। নতুন ব্যৱস্থাত লৰেন্সৰ কণ্ঠস্বৰ আৰু ব্যৱহাৰ কৰা নহ’ব। এই কথা শুনিয়েই মাৰ্গাৰেট ভাঙি পৰে। কৰ্তৃপক্ষক তেওঁ কয় যে স্বামীৰ কণ্ঠস্বৰ শুনিবলৈকে তেওঁ সদায়ে এমবেংকমেণ্ট ষ্টেচনত বহি থাকে।

মাৰ্গাৰেটৰ এই কথা শুনি কৰ্তৃপক্ষৰো মন বেয়া হয়। লৰেন্সৰ ঘোষণাৰ সেই ৰেকৰ্ড মাৰ্গাৰেটক দিয়ে মেট্ৰ কৰ্তৃপক্ষই। ইয়াৰোপৰি তেওঁ কয়, এমবেংকমেণ্ট ষ্টেচনত যাত্ৰীসকলক সতৰ্ক কৰাৰ বাবে লৰেন্সৰ কণ্ঠস্বৰ বাহাল ৰাখিব। লণ্ডনৰ মেট্ৰ পৰিচালনাৰ দায়িত্বত থকা মুখপাত্ৰই এই সন্দৰ্ভত কয়, ‘মাৰ্গাৰেটৰ কথাই আমাৰ মন চুই গ’ল। সেয়ে তেওঁৰ স্বামী লৰেন্সৰ ঘোষণাৰ ৰেকৰ্ডৰ পৰা ৰেকৰ্ড কৰি তেওঁক সেই কণ্ঠৰ ৰেকৰ্ড প্ৰদান কৰিছো। ইয়াৰোপৰি আমাৰ এই ষ্টেচনটোত তেওঁৰ স্বামীৰ কণ্ঠস্বৰেই আমি ৰাখিম। লণ্ডনৰ সকলো মেট্ৰ ষ্টেচনত ডিজিটেল ঘোষণা হ’লেও একমাত্ৰ ৱেষ্টমিনষ্টাৰৰ এমবেংকমেণ্ট ষ্টেচনতেই লৰেন্সৰ কণ্ঠৰ সেই স্বৰ, ‘অনুগ্ৰহ কৰি দূৰত্ব বজায় ৰাখক’ বুলি শুনা যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
Next Post
পৃথিৱীতকৈয়ো বয়সত ডাঙৰ, ৯০০ কোটি বছৰ পুৰণি ৰহস্যময় ৰেডিঅ’ সংকেতৰ সন্ধান পাইছে বিজ্ঞানীয়ে, কোনে কেনেকৈ পঠিয়াইছে এই সংকেত? মানুহতকৈয়ো উচ্চখাপৰ জীৱ আছে নেকি ব্ৰহ্মাণ্ডত?

পৃথিৱীতকৈয়ো বয়সত ডাঙৰ, ৯০০ কোটি বছৰ পুৰণি ৰহস্যময় ৰেডিঅ’ সংকেতৰ সন্ধান পাইছে বিজ্ঞানীয়ে, কোনে কেনেকৈ পঠিয়াইছে এই সংকেত? মানুহতকৈয়ো উচ্চখাপৰ জীৱ আছে নেকি ব্ৰহ্মাণ্ডত?

মহালয়াত সূৰ্যগ্ৰহণ, লক্ষ্মীপূজাত চন্দ্ৰগ্ৰহণ! কি কি প্রভাৱ পৰিব জনমানসত?

মহালয়াত সূৰ্যগ্ৰহণ, লক্ষ্মীপূজাত চন্দ্ৰগ্ৰহণ! কি কি প্রভাৱ পৰিব জনমানসত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.