অসম লাইভ২৪ঃ ২০২৩বৰ্ষৰ শান্তিৰ নোবেল পুৰস্কাৰ লাভ কৰিলে ইৰাণী যুৱতী নাৰ্গিছ মহম্মদিয়ে। শুকুৰবাৰে ঘোষণা কৰা হৈছে শান্তিৰ নোবেলজয়ীৰ নাম। নিজ দেশৰ নাৰী নিৰ্যাতনৰ বিৰুদ্ধে যুঁজ দি এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে নাৰ্গিছ মহম্মদিয়ে। নাৰ্গিছ মহম্মদিয়ে ইৰাণৰ মানব অধিকাৰ খৰ্ব আৰু ব্যক্তি স্বাধীনতাক লৈ দীৰ্ঘদিন ধৰি যুঁজ দি আহিছে। নাৰ্গিছৰ নাম ঘোষণাৰ পাছতেই একাধিক টুইটো কৰিছে নোবেল কমিটিয়ে। নোবেল কমিটিয়ে দিয়া টুইটত উল্লেখ কৰা অনুসৰি, মানুহৰ স্বাৰ্থত তেওঁ কৰি অহা সংগ্ৰামৰ মূল্য তেওঁ পোৱাটো অত্যন্ত জৰুৰী আছিল।’
নাৰী স্বাধীনতাক লৈ দীৰ্ঘদিন ধৰি যুঁজ কৰি থকাৰ বাবে ইৰাণ চৰকাৰে তেওঁক ১৩বাৰ গ্ৰেপ্তাৰো হৈছে নাৰ্গিছ। পাঁচবাৰকৈ তেওঁক ইৰাণ আদালতে দোষী সাব্যস্তও কৰিছে। ইৰাণৰ আদালতে নাৰ্গিছক ৩১ বছৰৰ কাৰাদণ্ডও বিহিছে। দিছে ১৫৪বাৰ বেত্ৰাঘাতৰ শাস্তিও। বৰ্তমানো কাৰাগাৰতেই আছে পেছাত অধিবক্তা হিচাপে কৰ্মৰত মধ্য প্ৰাচ্যৰ এইগৰাকী সমাজকৰ্মী।
https://x.com/NobelPrize/status/1710218490299170927?s=20
ফলত এই সন্মান তেওঁৰ হাতত তুলি দিয়াক লৈ সমস্যাইয়ো দেখা দিয়াৰ কথা প্ৰকাশ কৰিছে নোবেল কমিটিয়ে। কমিটিয়ে জনোৱা অনুসৰি এই সন্মান দিবৰ বাবে তেওঁলোকে কিছু সংশয়তো ভূগিছে। বিগত ছেপ্টেম্বৰ মাহত হিজাব ভালধৰণে পৰিধান নকৰাৰ বাবে ২২ বছৰীয়া যুৱতী আমিনিক গ্ৰেপ্তাৰ কৰিছিল ইৰাণ আৰক্ষীয়ে। গ্ৰেপ্তাৰৰ কেইদিনমান পাছত তেওঁক অত্যাধিক আঘাত পোৱা বুলি হাস্পতালত ভৰ্তী কৰোৱা হয়। কিন্তু হাস্পতালতেই মৃত্যু ঘটে ২২ বছৰীয়া আমিনিৰ। আৰক্ষীৰ হাতত অকথ্য নিৰ্যাতনৰ বলি হৈয়েই প্ৰাণ হেৰুৱাইছিল এইগৰাকী তৰুণীয়ে।
https://x.com/NobelPrize/status/1710219276303401152?s=20
আমিনিৰ মৃত্যুৰ পাছত সমগ্ৰ ইৰাণ জুৰি বিক্ষোভো হয়। আৰম্ভ হয় গণ আন্দোলনৰ। এইসকল প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাও কৰে ইৰাণ প্ৰশাসনে। এই বিক্ষোভতেই ইৰাণৰ বহুলোকে প্ৰাণো হেৰুৱাইছে। ২০২২ বৰ্ষত ইৰাণৰ হিজাব বিৰোধী গণ আন্দোলনত ব্যৱহাৰ হৈছিল তিনিটা শব্দ। সেয়া হৈছে নাৰী-জীৱন-স্বাধীনতা। নোবেল কমিটিয়ে এই সন্দৰ্ভতো কৰিছে এটা বিশেষ টুইট। টুইটত নোবেল কমিটিয়ে লিখিছে, ‘এই শব্দকেইটা নাৰ্গিছ মহম্মদীৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰেই প্ৰতিফলন। চলিত সপ্তাহৰ সোমবাৰৰ পৰা ঘোষণা কৰা হৈছে নোবেলজয়ীৰ নাম। এইবাৰ চিকিৎসা বিজ্ঞানৰ নোবেল লাভ কৰিছে মাৰ্কিণ গৱেষক কেটেলিনা কাৰিকো আৰু ড্ৰু ওইছমেন। পদাৰ্থবিজ্ঞানৰ নোবেল লাভ কৰিছে পিয়েৰ এগষ্টিনি, ফেৰেঙ্ক ক্ৰাউছ আৰু এন লহুইলিয়াৰে। ৰাসায়নত নোবেল পুৰস্কাৰ লাভ কৰিছে মৌঙ্গি জি বাভেন্দি, লুইছ ই ব্ৰুছ আৰু এলেক্সি আই একিমভে। সাহিত্যত এই পুৰস্কাৰ লাভ কৰিছে নৰৱেৰ লেখক জন ফছে। আগন্তুক ৮ তাৰিখে অৰ্থনীতিত নোবেলজয়ীৰ নাম ঘোষণা কৰা হ’ব বুলি জনাইছে নোবেল কমিটিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ