অসম লাইভ ২৪ঃ নিউমুনিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন বিশিষ্ট অভিনেতা নাছিৰুদ্দিন শ্বাহ। সম্প্ৰতি মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী। নিউমুনিয়াৰ বাবে অভিনেতাগৰাকীৰ হাওঁফাওঁৰ সংক্ৰমণ হোৱা বুলি চিকিৎসালয়ৰ সূত্ৰত প্ৰকাশ। বিগত দুদিন ধৰি চিকিৎসকৰ তত্বাৱধানত আছে নাছিৰুদ্দিন শ্বাহ। সম্প্ৰতি স্বাস্থ্যৰ কিছু উন্নতি ঘটিছে অভিনেতাজনৰ। বৰ্তমান নিউমুনিয়াৰ চিকিৎসা চলি আছে আৰু তেওঁৰ স্বাস্থ্য সুস্থিৰ বুলি প্ৰকাশ কৰিছে তেওঁৰ ব্যক্তিগত সহায়কে। উল্লেখ্য, তুষাৰ কাপুৰৰ পৰৱৰ্তী ছবি ‘মাৰিছ’ত এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা পোৱা যাব নাছিৰুদ্দিন শ্বাহক। ধ্ৰুৱ লাথাৰে পৰিচালনা কৰিবলগীয়া ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব তুষাৰে। টুইটাৰযোগে এই কথা উল্লেখ কৰে তুষাৰ কাপুৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ