অসম লাইভ২৪ঃ ব্যক্তিগত জীৱনক লৈ অকপটভাৱেই সকলোবোৰ কৈ পেলোৱা এজন অভিনেতা হৈছে নৱাজউদ্দিন ছিদ্দিকি। পত্নী আলিয়াৰ সৈতে সম্পৰ্কত ভাঙোনকে ধৰি জীৱনত হাজাৰ উঠানমা সকলোবোৰ কথাই তেওঁ নিজেই মুকলিকৈ কৈ আহিছে। সম্প্ৰতি এটা টেলিভিছন শ্ব’ত নাৱাজুদ্দিন ছিদ্দিকিয়ে মদ্যপান কৰা সন্দৰ্ভত মন্তব্য কৰিছে। মদ্যপান কৰিলেও অৱশ্যে তেওঁ সদায়ে নকৰে। মাজে মাজেহে সুৰাত চুমুক দিয়ে।
তাৰকাসকলৰ জীৱনত সুৰাৰ প্ৰভাৱ, পাৰ্টী আদিৰ কথা প্ৰায় প্ৰতিসময়তে চৰ্চা হৈয়েই থাকে। পাৰ্টী, আড্ডা, মদ্যপান বলীউডৰ সৈতে প্ৰতিসময়তে যুক্ত হৈ থকা অধ্যায়। নিজেও এই কামত জড়িত থাকে বুলি নাৱাজুদ্দিন ছিদ্দিকিয়ে নিজেই প্ৰকাশ কৰিছে। এবাৰ তেওঁ হোলীৰ পাৰ্টীত সুৰাপান পৰি দুদিন নিছাগ্ৰস্থ হৈ পৰি আছিল বুলিও নিজেই সাক্ষাৎকাৰটোত প্ৰকাশ কৰিছে। সেই পাৰ্টীত ইমানেই নিছাগ্ৰস্থ হৈ পৰিছিল যে, দুদিন পাছত যেতিয়া তেওঁৰ জ্ঞান ঘূৰি আহিছিল তেতিয়া তেওঁ বিচনাৰ পৰা নামিবকে পৰা নাছিল।
সেই ঘটনাৰ পাছতো তেওঁ মদ্যপান কৰিছে কিন্তু পৰিমাণত খুবেই কম। প্রথম মদ খোৱাৰ দিনটোক সোঁৱৰিও মন্তব্য কৰিছে নাৱাজে। তেঁঁও কয়, ‘মই যেতিয়া নেশ্ব্যনেল স্কুল অৱ ড্ৰামাৰ ছাত্ৰ আছিল তেতিয়া সতীৰ্থসকলৰ সৈতে বিয়েৰ খাইছিলো। সেই প্ৰথম মদ্যপান কৰা। প্রথম ধূমপানো নাটকৰ এটা দৃশ্যতেই কৰিছিলো। চৰিত্ৰই ডিমাণ্ড কৰিছিল। অৱশ্যে এতিয়ালৈকে গাঞ্জাহে সেৱন কৰা নাই। কিন্তু সুযোগ পালে অচিৰেই গাঞ্জাৰো সোৱাদ ল’ম।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ