শিখা মজিন্দাৰ বৰুৱা সমুখেৰেই চোৰে নিছিল অগ্নিনাভ মন্দিৰৰ মূৰ্তি, পাছে ২৪ ঘণ্টা নহওঁতেই ধৰা পৰে চোৰ
পুৱতি নিশা চুৰি হৈছিল ৰাজ্যৰ ভিতৰতে অন্যতম মন্দিৰ নাজিৰাৰ বাব অগ্নিনাভৰ মূল বিগ্ৰহ। দুই চোৰে চুৰি কৰি নিছিল শিৱ বাবাৰ মূৰ্তি। পাছে ২৪ ঘণ্টাৰ ভিতৰতে ধৰা পৰে দুই চোৰ।
আজি আৰক্ষীৰ দলে ক্ষীপ্ৰ তদন্তৰ অন্তত ধৰা পেলায় তিতাবৰৰ চোৰ কৰিব আলীক। পাছে কৰিব আলীৰ সংগী আন এটা চোৰ আৰিফ আলী পলাই সাৰিবলৈ সক্ষম হয়।
নাজিৰাৰ শিমলুগুৰি ট্ৰেইন ষ্টেছনৰ পৰাই জি আৰ পিৰ সহযোগত নাজিৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় চোৰ কৰিবক।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি শিখা মজুমদাৰ বৰুৱাৰ সমুখেৰেই চোৰে কাপোৰৰ টোপোলা কৰি লৈছিল শিৱ বাবাৰ মূৰ্তি। লগতে নিছিল ভক্তই দান কৰা সোণ-ৰূপৰ আ-অলংকাৰ, ৰূপৰ ডম্বৰু, সোণ-ৰূপৰ বেলপাত আদি।
উল্লেখ্য যে, ২০১৫ চনত স্থাপন হৈছিল অগ্নিনাভ মন্দিৰ। সপোনত দেখা শিৱ বাবাৰ ৰূপটোকে মূৰ্তি হিচাপে বনাই আনি ঘৰতে মন্দিৰ বনাই প্ৰতিষ্ঠা কৰিছিল। ২০২০ চনত পৰা জনপ্ৰিয় হবলৈ ধৰিছিল এই মন্দিৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















