বলেন্দ্ৰ শ্বাহে নেপালৰ নতুন আৰু সৰ্বকনিষ্ঠ প্রধানমন্ত্ৰী হিচাপে ২৬ মাৰ্চ ২০২৬ তাৰিখে শপত লৈছে৷ সুন্দৰী পত্নী সাবিনা কাফলেও এতিয়া আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ ছাবিনা পেছাত এগৰাকী লেখিকা তথা কবি হলেও তেওঁ দেখাত মডেলতকৈ কোনোগুণে কম নহয়৷

ভাৰতৰ প্ৰতিবেশী দেশ নেপালৰ নতুন আৰু সৰ্বকনিষ্ঠ প্রধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহতকৈ তেওঁৰ পত্নীহে বেছিকৈ ট্ৰেণ্ডিঙত আছে সামাজিক মাধ্যমত৷ তেওঁৰ ফেশ্ব্যন ষ্টেটমেণ্টৰ বাবে আৰু তেওঁৰ গ্লেমাৰাছ লুকে মন কাঢ়িছে বহু যুৱকৰেই৷

ছবিত ছাবিনাই পৰিধান কৰা শ্বৰ্ট ড্ৰেছত তেওঁক হাইলাখ মডেল যেনেই দেখা গৈছে৷ তেওঁ অৱশ্যে পেছাত এগৰাকী কবি৷ তেওঁক প্ৰতিযোৰ ড্ৰেছতেই আকৰ্ষণীয় দেখাৰ কাৰণেই হৈছে ছাবিনাৰ আত্মবিশ্বাস৷ এই আত্মবিশ্বাস সাধাৰণতে মডেলসকলৰ মাজত দেখা যায় যদিও ছবিনাৰ মাজতো এই আত্মবিশ্বাস দেখা গৈছে৷
এই ছবিত ছাবিনাক দেখা গৈছে বলেন্দ্ৰৰ সৈতে৷ ছাবিনাই পৰিধান কৰিছে বডিকন গাউন৷ সাধাৰণ ডিজাইন হোৱা সত্ত্বেও দেখাত বেছ ক্লাছি লাগিছে ছাবিনাক৷
মেকআপ ছফ্ট গ্লেমঃ ৰঙা ৰঙৰ শাৰীতো বিশেষ আকৰ্ষণীয় দেখা গৈছে বলেন্দ্ৰ শ্বাহৰ পত্নীক৷ সৰু কানফুলি, ডিঙিত মালা পৰিধান কৰি এক মাৰ্জিত ৰূপত দেখা গৈছে ছাবিনা কাফলেক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ