অসম লাইভ ২৪ঃ কোভিড মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ আমেৰিকাৰ আন এক প্ৰচেষ্টা। কোভিড ভেকচিনৰ পিছত এইবাৰ ক’ৰোনাৰ টেবলেট তৈয়াৰ। আমেৰিকাৰ নেচনেল ইনষ্টিটিউট অৱ হেল্থৰ বৈজ্ঞানিকে তৈয়াৰ কৰিছে এবিধ বিশেষ এণ্টি ভাইৰেল ড্ৰাগ। যি কেৱল ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবেই নহয়, ভৱিষ্যতৰ অজ্ঞাত মহামাৰীৰ বিৰুদ্ধে যুঁজিব পৰাকৈ শক্তিশালী ৰূপত তৈয়াৰ কৰা হৈছে এই বিশেষ টেবলেট। শেহতীয়াকৈ জ’ বাইডেন চৰকাৰে প্ৰায় ৩ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিছে এই ঔষধ প্ৰস্তুতকৰণত। আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ চীফ মেডিকেল এডভাইজৰ ডাঃ এন্থনী ফাউচীৰ ভাষ্য অনুসৰি, ‘টেবলেট হৈছে যিকোনো ৰোগৰ উত্তম ঔষধ। ভৱিষ্যতে এনে কিছু ঔষধ তৈয়াৰ হ’ব, যিসমূহ খাব পৰাকৈ তৈয়াৰ কৰা হ’ব। এই টেবলেটৰ জৰিয়তে কোভিড ৰোধ কৰিব পৰা যাব’। শীঘ্ৰেই উপলব্ধ হ’ব এইবিধ টেবলেট। এই টেবলেটে মহামাৰীৰ বিৰুদ্ধে শক্তিশালী ভূমিকা পালন কৰিব বুলি আশাবাদী আমেৰিকা যুক্তৰাষ্ট্ৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ