অসম লাইভ ২৪ঃ ‘অভিৰুচি ক্ৰীড়া দিৱস’ৰ দিনাই ক্ৰীড়াবিদসকললৈ এটি সু-খবৰ ক্ৰীড়ামন্ত্ৰী বিমল বৰাৰ৷ অসমক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা খেলুৱৈসকললৈ ক্ৰীড়া পেঞ্চনৰ ব্যৱস্থা কৰিছে ৰাজ্যচৰকাৰে৷ অলিম্পিক, এছিয়ান গেমচ, কমলৱেল্থ গেমচ আৰু অনান্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ পদকপ্ৰাপ্ত খেলুৱৈক দিয়া হ’ব এই ক্ৰীড়া পেঞ্চন৷ প্ৰথম পৰ্যায়ত অসমৰ ৯৯ গৰাকী খেলুৱৈক প্ৰদান কৰা হ’ব এই পেঞ্চন৷ প্ৰতিমাহে ৮-১০ হাজাৰ টকা পৰ্যন্ত পেঞ্চন লাভ কৰিব ক্ৰীড়াবিদসকলে৷ ইয়াৰ উপৰি ১৫৩ গৰাকী খেলুৱৈক প্ৰদান কৰিব ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য৷ লগতে, এতিয়াৰে পৰা ‘অভিৰুচি ক্ৰীড়া দিৱস’ৰ দিনটো ‘ক্ৰীড়া পেঞ্চন দিৱস’ৰূপেও গণ্য কৰা হ’ব অসমত৷ আজি ৰাজ্যজুৰি পালন কৰা হয় অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিন৷ ১৯৮৪ চনৰ পৰা ৩ ছেপ্টেম্বৰ দিনটো ‘অভিৰুচি ক্ৰীড়া দিৱস’ হিচাপে পালন কৰি আহিছে অসমবাসীয়ে৷ আজিৰ এই বিশেষ দিনটোত অসমৰ ক্ৰীড়ামন্ত্ৰী বিমল বৰাৰ ঘোষণাই উৎফুল্লিত কৰিছে ক্ৰীড়াবিদসকলৰ লগতে ক্ৰীড়াপ্ৰেমীসকলকো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ