অসম লাইভ ২৪ঃ কাশ্মীৰ, ভাৰত তথা অন্য প্ৰান্তত থকা মুছলমানসকলৰ হৈ মাত মাতিব তালিবানে৷ তেওঁলোকৰ এই অধিকাৰ আছে বুলি মন্তব্য কৰিছে তালিবানৰ মুখপাত্ৰ ছুহেইল শ্বাহিনে৷ তেওঁ কয়, ভাৰতৰ এই উদ্বেগপূৰ্ণ সময়ত তালিবানী শাসনৰ অধীনত ভাৰত বিৰোধী কাৰ্য-কলাপৰ বাবে আফগানিস্তানৰ ভূ-খণ্ড ব্যৱহাৰ কৰা হ’ব৷ কাশ্মীৰৰ মুছলমানসকলৰ হৈও মাত মতাৰ অধিকাৰ আছে বুলি উল্লেখ কৰিছে তালিবানে৷ কিন্তু কোনো দেশৰ বিৰুদ্ধে অস্ত্ৰ ব্যৱহাৰ নকৰে সংগঠনটোৱে৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তালিবানৰ মুখপাত্ৰ ছুহেইল শ্বাহিনে কয়, ‘মুছলমান হোৱাৰ বাবেই কাশ্মীৰ, ভাৰত আৰু অন্য প্ৰান্তত থকা মুছলমানসকলৰ হকে মাত মতাৰ অধিকাৰ আমাৰ আছে’৷ এসপ্তাহ পূৰ্বে কাশ্মীৰ সন্দৰ্ভত কোনো হস্তক্ষেপ নকৰে বুলি মন্তব্য কৰিছিল তালিবানে৷ কিন্তু হঠাৎ সুৰ সলনি কৰি কাশ্মীৰ তথা অন্য প্ৰান্তত থকা মুছলমানসকলৰ হৈ মাত মাতিব বুলি উল্লেখ কৰে তালিবানৰ মুখপাত্ৰই৷ কিন্তু ভাৰত বিৰোধী কাৰ্য-কলাপৰ বাবে আফগানিস্তানৰ ভূমি ব্যৱহাৰ কৰিব বুলি কোৱা কথাটোৱে উদ্ধেগ বৃদ্ধি কৰিছে ভাৰতৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















