অসম লাইভ ২৪ঃ পূৰ্বৰ বহু অনুৰাগী আজি ছলমান খানৰ বিৰোধী৷ শেহতীয়াকৈ টুইটাৰৰ ট্ৰেণ্ডিঙত আছে ছুপাৰষ্টাৰ ছলমান খানৰ নাম৷ কিন্তু ‘বিং হিউমেন’ৰ বাবে নহয়, ছলমান খানক বয়কট কৰাৰ বাবেহে বহু ব্যৱহাৰকাৰীয়ে দাবী উত্থাপন কৰিছে টুইটাৰত৷ যদিও এইটো একেবাৰে অসম্ভৱ, কিন্তু #BoycottSalmanKhan হেছটেগৰ জৰিয়তে বলীউড ইণ্ডাষ্ট্ৰীৰ পৰা ছলমানক বহিষ্কাৰ কৰাৰ দাবী বহু লোকৰ৷ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুটৰ বিষয়টো পুনৰ উত্থাপন কৰি টুইটাৰত এই আপীল সুশান্তৰ অনুৰাগীৰ৷ এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে খঙতে ছলমান খানক ৰাক্ষস আৰু বুঢ়া বুলি ক’বলৈও কুণ্ঠাবোধ কৰা নাই ছ’চিয়েল মিডিয়া প্লেটফৰ্মত৷ Ektap2114 নামৰ ব্যৱহাৰকাৰীগৰাকীয়ে কয়, ‘এসময়ত মই এই ৰাক্ষসটোৰ অনুৰাগী আছিলো, যাক বিং হিউমেন বুলি কোৱা হৈছিল৷ বৰ্তমান মই এই ট্ৰেণ্ডৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছো আৰু এই দানৱক সমৰ্থন জনোৱাৰ বাবে নিজকে অভিশাপ দিছো’৷ আৰু #BoycottSalmanKhan টুইটৰ ৰি টুইট কৰিছে সুশান্তৰ বহু অনুৰাগীয়ে৷
One time of fan of this monster called being human, I support wholeheartedly this trend #BoycottSalmanKhan and curse myself a lot forever praising these monsters
SSR DESERVES JUSTICE
— Ektap2114 (@ektap2114) August 25, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ