অসম লাইভ ২৪ঃ পৃথিৱীত খুব কম মানুহহে এনে ওলাব যে এই মানুহজনৰ নাম নাজানিলেও বৰ্তমান সময়লৈ ছবি নেদেখাকৈ থকা নাই। ভাৰতৰ সকলোৱে জানে যে দেশৰ সকলোতকৈ ধনৱান ব্যক্তিসমূহ বৰ্তমান সময়ত কোন কোন? হয়টো বহুতে একেটা উশাহতে নাম লৈয়ো পেলাব যে ভাৰতৰ ধনৱান ব্যক্তি হিচাপে গৌতম আদানিৰ পৰা আৰম্ভ কৰি মুকেশ আম্বানি, ৰতন টাটা, লক্ষ্মী মিট্টাল, আজিম প্ৰেমজি লৈকে একাধিক ধনৱান ব্যক্তিৰ নাম।
কিন্তু আপুনি জানে নে তালিকাৰ প্ৰথমে থকা পৃথিৱীৰ এক নম্বৰ অৰ্থাৎ প্ৰথম ধনৱান ব্যক্তিজন কোন? হয়, আপুনি দেখা এই ছবিখনৰ ব্যক্তিজনেই হৈছে পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তি। যাৰ নাম হৈছে এলন মাস্ক। আৰু এলন মাস্কই হৈছে পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তি। যাৰ সম্পত্তি অথাৎ ধনৰ পৰিমান হৈছে প্ৰায় ২৬৬ আৰৱ ডলাৰ।
কিন্তু বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিজনে কেৱল ধনেই যে ঘটে এনে নহয়। ধন যেনকৈ তেওঁ আয় কৰে ঠিক তেনেদৰে তেওঁ প্ৰতিবছৰে পৰিশোধো কৰে আয়ৰ কৰ। আপুনি জানি আচৰিত হ’ব যে এই বছৰত এলন মাস্কে আমেৰিকা চৰকাৰক কৰ আদায় দিব ১১ আৰৱ ডলাৰ যাৰ ভাৰতীয় মূল্য হৈছে ৮,৩৩,৩৫,০৬,৫০,০০০ টকা।
অৰ্থাৎ এলন মাস্কে এইবৰ্ষত কৰ আদায় দিব প্ৰায় ৮ লাখ কোটি টকা । এলন মাস্কে এইবৰ্ষত দিব লগা এই কৰ পৰিমান পৃথিৱীৰ ৮০খন দেশৰ মুঠ GDPত কৈয়ো অধিক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ