অসম লাইভ ২৪ঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISROত বিজ্ঞানী হিচাপে নিযুক্তি লাভ নগাঁৱৰ জুৰীয়াৰ নাজনীন য়াছমিন৷ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত ভাৰতীয় মহাকাশ সংস্থাৰ মুখ্য কাৰ্যালয় সতীশ ধাৱান স্পেচ চেণ্টাৰত বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰিছে নাজনীন য়াছমিনে৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ ইছৰ’ত উত্তৰ-পূবৰ প্ৰথমগৰাকী মহিলা মহাকাশ বিজ্ঞানী হিচাপে নিযুক্তি লাভ নাজনীনৰ৷ ভৱিষ্যতে আমেৰিকাৰ মহাকাশ প্ৰতিষ্ঠান নাছাত কাম কৰাৰ ইচ্ছা নৱনিযুক্ত বিজ্ঞানীগৰাকীৰ৷ কদমনি টাউন হাইস্কুলৰ পৰা ২০০৭ চনত নাজনীনে মেট্ৰিকত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পাছত ২০০৯ চনত নগাঁৱৰ আলফাবিটা ছায়েন্স জুনিয়ৰ কলেজৰ পৰা বিজ্ঞান শাখাত সফলতাৰে দ্বাদশ উত্তীৰ্ণ হয়৷ ইয়াৰ পাছত নিটজ মিৰ্জা কলেজৰ পৰা ইলেক্ট্ৰনিক বিষয়ত বিটেক আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা এম টেক ডিগ্ৰী গ্ৰহণ কৰে৷ বিজ্ঞান বিষয়ক বিভিন্ন ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানত কাম কৰাৰ সমান্তৰালভাৱে তেওঁ ২০১৯ চনত বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাৰ লগতে ভাৰত চৰকাৰৰ জুনিয়ৰ ৰিছাৰ্চ ফেল’শ্বিপৰ যোগ্যতাও লাভ কৰে৷ ৩০ ডিচেম্বৰৰ পূৰ্বে ইছৰ’ত আনুষ্ঠানিকভাৱে যোগদান কৰিব নাজনীন য়াছমিনে৷ নাজনীন য়াছমিনৰ এই সাফল্যত গৌৰাৱান্বিত ৰাজ্যবাসী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ