অসম লাইভ ২৪ঃ মহাৰাষ্ট্ৰৰ বিজয় বল্লভ হাস্পতালৰ ICUত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। সংকটজনক অৱস্থাত ICUৰ ১৩ গৰাকী কোভিড ৰোগীৰ মৃত্যু হয় অগ্নিকাণ্ডত। শুকুৰবাবে পুৱা সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ কথা প্ৰকাশ কৰে হাস্পতাল কৰ্তৃপক্ষই। হাস্পতালখনৰ ICU আছিল ১৭ গৰাকী ৰোগী। বাকীসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ অন্য হাস্পতাললৈ স্থানান্তৰ কৰা হয়। অগ্নিসংযোগ হোৱাৰ প্ৰায় আধাঘণ্টাৰ পাছত অগ্নি নিৰ্বাপক বাহিনীৰ লোকৰ প্ৰচেষ্টাত পৰিস্থিতি নিয়ন্ত্ৰনলৈ আহে। বিজয় বল্লভ হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া দিলীপ শ্বাহৰ মতে, চিকিৎসালয়খনত মুঠ ৯০ গৰাকী ৰোগী আছিল। ICUৰ বাহিৰত থকা ৰোগীসকলৰ ক্ষেত্ৰত প্ৰভাৱ পৰা নাই অগ্নিকাণ্ডৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















