অসম লাইভ ২৪ঃ দেশত কোভিডৰ দ্বিতীয় ঢৌ মাৰ নাযাওতেই তৃতীয় ঢৌক লৈ আশংকা প্ৰকাশ কৰা হৈছে। আসন্ন তৃতীয় ঢৌৰ বাবে ৰাজ্যসমূহে ইতিমধ্যেই বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ মাজতে শনিবাৰে এইমচৰ মুৰব্বী ৰণদ্বীপ গোলেৰিয়া সদৰী কৰে এক গুৰুত্বপূৰ্ণ মন্তব্য। দ্বিতীয় ঢৌৰ তুলনাত বিপদগামী কোভিডৰ তৃতীয় ঢৌ। কোভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণক লৈ আশংকা কৰাৰ প্ৰয়োজন নাই। ৰণদ্বীপ গোলেৰিয়াই কয়, ‘আমি তৃতীয় লহৰৰ সৈতে যুঁজিবলৈ দ্বিতীয় ঢৌৰ পৰা শিকা উচিত’। লগতে তেওঁ কয়, ‘দ্বিতীয় লহৰৰ তুলনাত তৃতীয় লহৰ অধিক সংক্ৰামক হয় নে নহয় সেই সন্দৰ্ভত বৰ্তমানেও মতপাৰ্থক্য চলি আছে। কিন্তু মোৰ মতে কোভিডৰ তৃতীয় লহৰক লৈ আশংকা কৰাৰ প্ৰয়োজন নাই’। শনিবাৰে ৰাষ্ট্ৰীয় সংবাদমাধ্যম ndtv সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে ডাঃ ৰণদ্বীপ গোলেৰিয়াই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ