অসম লাইভ ২৪ঃ ২১ জুনৰ পৰা দেশত কাৰ্যকৰী হ’ব কেন্দ্ৰৰ নতুন প্ৰতিষেধক নীতি। মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে নতুন প্ৰতিষেধক নীতি। ব্যক্তিগত চিকিৎসালয়ৰ ক্ষেত্ৰত কেন্দ্ৰই নিৰ্ধাৰণ কৰে প্ৰতিষেধকৰ মূল্য। প্ৰধানমন্ত্ৰী মোদীয়ে ব্যক্তিগত চিকিৎসালয়ৰ বাবে ২৫ শতাংশ ভেকচিন আৱণ্টন দিয়াৰ পাছতেই কেন্দ্ৰই ভেকচিন নিৰ্মাতা কোম্পানীসমূহক অধিক লাভৰ সুবিধা প্ৰদান কৰা হৈছে বুলি এক অভিযোগ উত্থাপন হৈছিল। এই অভিযোগৰ পাছতেই তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। ৰাজ্য চৰকাৰসমূহক ব্যক্তিগত তথা বেচৰকাৰী চিকিৎসালয়সমূহত প্ৰতিষেধকৰ মাচুল সন্দৰ্ভত কঠোৰ হ’বলৈ নিৰ্দেশনা প্ৰদান কৰে কেন্দ্ৰই। নিয়ম উলংঘন কৰা ব্যক্তি অথবা প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়নি প্ৰদান কৰে কেন্দ্ৰই। ব্যক্তিগত চিকিৎসালয়ৰ বাবে কেন্দ্ৰই নিৰ্ধাৰণ কৰা প্ৰতিপালি প্ৰতিষেধকৰ দাম হৈছে- কোভিশ্বীল্ডৰ ৭৮০ টকা, কোভিক্সিনৰ ১৪১০ টকা আৰু স্পুটনিক-৫ ৰ দাম ১১৪৫ টকা। ইয়াৰ উপৰি ভেকচিন প্ৰদান সেৱাৰ নামত ১৫০ টকাৰ অধিক মাচুল ল’ব নোৱাৰিব চিকিৎসালয়সমূহে। উল্লেখ্য, দেশৰ সমূহ চৰকাৰী চিকিৎসালত বিনামূলীয়াকৈ উপলব্ধ হ’ব কোভিড প্ৰতিষেধক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ