অসম লাইভ ২৪ঃ বিগত দুটা বছৰ ধৰি কোভিড-১৯ মহামাৰীয়ে সৰ্বস্বান্ত কৰিছে মানৱজাতিক৷ পুনৰ আন এটা উদ্বেগৰ খবৰে ভাৰাক্ৰান্ত কৰিছে বিশ্ববাসীক৷ কোভিডৰ শেহতীয়া ভেৰিয়েণ্ট অমিক্ৰণৰ বিৰুদ্ধে বিশ্ববাসী ব্যস্ত থকাৰ সময়ত পুনৰ পোহৰলৈ আহিছে কোভিডৰ নতুন ভেৰিয়েণ্ট ‘ডেলমিক্ৰণ’ ভেৰিয়েণ্ট৷ অমিক্ৰণ আৰু ডেল্টা ভেৰিয়েণ্টৰ সংযোগ হৈ সৃষ্টি হৈছে এই নতুন ভেৰিয়েণ্ট ‘ডেলমিক্ৰণ’ ভেৰিয়েণ্ট৷ বিভিন্ন দেশৰ বৰ্ধিত কোভিড সংক্ৰমণৰ ঘটনাক ডেলমিক্ৰন বুলি সদৰী কৰিছে বিশেষজ্ঞই৷ লণ্ডন আৰু আমেৰিকাত চিনাক্ত হৈছে এই নতুন ভেৰিয়েণ্ট বিধ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে অমিক্ৰণতকৈও অধিক সংক্ৰামক ডেলমিক্ৰণ ভেৰিয়েণ্ট৷ ইফালে দেশৰ বিভিন্ন প্ৰান্তত বৰ্তমানলৈকে ৩৫৮ গৰাকী লোক আক্ৰান্ত হৈছে অমিক্ৰনত৷ অমিক্ৰণৰ বিৰুদ্ধে যুঁজিবলৈ দেশ সাজু হোৱাৰ সসময়তে ডেলমিক্ৰণ ভেৰিয়েণ্টৰ খবৰে পুনৰ উদ্বিগ্ন কৰি তুলিছে দেশবাসীক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















