অসম লাইভ ২৪: সাংবাদিক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰিলে niaএ। এই গ্ৰেপ্তাৰৰ আঁৰত আছে এখন চিঠি। উদ্যোগপতি মুকেশ আম্বানিলৈ আহিছিল এখন ভাবুকিভৰা চিঠি। যিখন চিঠিক লৈ দেশজুৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ। এই বিশেষ চিঠিখন এখন গাড়ীৰ পৰা উদ্ধাৰ কৰা হৈছিল। মুকেশ আম্বানিৰ ঘৰৰ বাহিৰত উদ্ধাৰ হোৱা স্কৰপিঅ’ গাড়ী এখনৰ ভিতৰত ভাবুকিভৰা চিঠিখনৰ লগতে উদ্ধাৰ হৈছিল ২০ খন ছুৰি। চিঠিখনত দুৰ্বৃত্তই লিখিছিল ‘য়ে টৌ ছিৰফ ট্ৰেইলাৰ হ্যে’। আকৌ যেতিয়া আহিম ইয়াৰ পৰিণতি ভয়ংকৰ হ’ব। দেশৰ প্ৰভাৱশালী উদ্যোগপতিগৰাকীলৈ অহা এই চিঠিখনে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছিল তদন্ত। শনিবাৰে ঘটনা সন্দৰ্ভত niaএ আটক কৰে মুম্বাই আৰক্ষীৰ এনকাউণ্টাৰ স্পেছিয়েলিষ্ট শচীন বাজেক। শনিবাৰে নিশাৰে পৰা ১২ ঘণ্টা জুৰি niaএ জেৰা কৰাৰ পাছত গ্ৰেপ্তাৰ কৰে শচীন বাজেক। আনহাতে আজি niaএ তালাচী চলাব আৰক্ষী বিষয়াগৰাকীৰ বাসগৃহত। উল্লেখযোগ্য যে এই আৰক্ষী বিষয়াগৰাকীয়েই গ্ৰেপ্তাৰ কৰিছিল সাংবাদিক অৰ্ণৱ গোস্বামীক। যাৰ বাবে এতিয়া সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্ত্তত সোমাই পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ