অসম লাইভ২৪ঃ ‘মই হাতযোৰ কৰিছো এনে কাম নকৰিব! আমাৰ সম্পৰ্কৰ কথা আমি জানো।’ প্ৰয়াত শিল্পী নিপন গোস্বামীয়ে মৃত্যুৰ পূৰ্বে দিয়া এক সাক্ষাৎকাৰত কৈ গৈছিল এই কথা। কিন্তু নেটিজেনে তেওঁৰ কথাক জানো গুৰুত্ব দিছে? নিপন গোস্বামীৰ মৃত্যুৰ পাছৰে পৰাই সামাজিক মাধ্যমত নেটিজেনৰ চৰ্চা, নিপন গোস্বামীৰ পুত্ৰ-বোৱাৰীয়ে জীৱিত কালত অৱজ্ঞা কৰিছে। মৃত্যুৰ পাছত এয়া ঘঁৰিয়ালৰ চকুপানী! মৃত্যু শোকতকৈ তেওঁলোকে চিনেমাৰহে প্ৰচাৰ চলাইছে।
কিন্তু এই কথা কিমানদূৰ সত্য? নিপন গোস্বামীয়ে মৃত্যুৰ পূৰ্বে দিয়া এটি সাক্ষাৎকাৰত এইবোৰ চৰ্চা নচলাবলৈ অসমবাসীক হাতযোৰ কৰি কৈ গৈছে। তাৰপিছতো মৃত্যুৰ দিনটোৰ পৰাই এই বিষয়টোক কিয় চৰ্চা কৰিছে অসমবাসীয়ে সেই লৈও ক্ষোভিত হৈছে একাংশ সচেতনমহল। নিপন গোস্বামীয়ে সাক্ষাৎকাৰটোত কৈছিল, ‘মোৰ লৰা-বোৱাৰীৰ লগত মোৰ সম্পৰ্কৰ কথা মই জানো? এনে মানুহক মই ধিক্কাৰ দিও। তেওঁলোকে নিজৰ মাক বাপেকৰ কাৰণে কি কৰিছে? মোৰ হৈ মাত মাতি থকাবোৰে মোৰ লগত আহি আছে নেকি? থাকক মোৰ লগত, মোক শুশ্ৰুষা কৰক। যদি নোৱাৰে তেন্তে এইবোৰ কথা কোৱাৰ অধিকাৰো নাই।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ