অসম লাইভ২৪ঃ সেইদিনা জুই, কলা ধোঁৱা আৰু মানুহৰ আৰ্তনাদে অসমৰ আকাশ ছানি ধৰিছিল৷ তেজৰ চেকুৰা সেইদিনা অ’ত-ত’ত, অসমৰ ৰাজ পথত৷ মানুহৰ মাংস অ’ত তত ছিটিকি পৰিছিল৷ চৌদিশে কেৱল শুনা গৈছিল আৰ্তনাদ৷ কিছু মুহূৰ্তৰ বাবে উশাহ-নিশাহ যেন বন্ধ হৈ পৰিছিল অসমবাসীৰ৷ চকুৰে দেখিও অসমীয়াই বিশ্বাস কৰিবলৈ টান পাইছিল আপোন মানুহবোৰে এনেদৰে চিৎকাৰ কৰিব লাগিব বুলি৷ সপোন লৈ ঘৰৰ পৰা ওলাই অহা বহু মানুহৰ জীয়া সপোন সিদিনা ৰাজ পথত চিৎকাৰ কৰি উঠিছিল।
বিস্ফোৰণৰ কলা ধোৱাই নিমিষতে চেদেলি-ভেদেলি কৰিছিল একোটা দেহ। ৰাজ পথত পৰি ৰৈছিল শৰীৰৰ মাংসৰ টুকুৰা৷৷ সিদিনা মানৱতা ধ্বংস হৈছিল৷ সেইদিনা মানুহে মানুহক ঘৃণা কৰিছিল৷ সেইদিনা মানুহে মানুহক বিশ্বাস কৰিব পৰা নাছিল৷ সেইদিনা বহু অন্তৰে ফেকুৰি উঠিছিল৷ সভ্য সমাজক সেইদিনা ইতিকিং কৰিছিল সময়বোৰে৷
নিষ্ঠুৰ হৈ পৰা সময়বোৰে সভ্য সমাজক সেইদিনা উপলুঙা কৰিছিল৷ সেইদিনাটো আছিল শীতৰ এটা বৃহস্পতিবাৰ৷ ২০০৮ চনৰ ৩০ অক্টোবৰ৷ মহানগৰীৰ পানবজাৰ, ফাচী বজাৰ, গনেশগুৰি, বৰপেটা ৰোড, কোকৰাঝাৰ, বঙাইগাওঁ সেইদিনা কঁপি উঠিছিল বিস্ফোৰণত। উল্লেখ্য যে গুৱাহাটীৰ মুঠ তিনিটা ঠাইত,বৰপেটা ৰোডৰ ২ স্থানত, বঙাইগাওঁৰ ২স্থানত আৰু কোকৰাঝাৰৰ ২ স্থানত সংঘটিত হৈছিল বিস্ফোৰণ। এই বিস্ফোৰণত ৮১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে পংগু হৈছিল ৪৭০ গৰাকীকৈ ব্যক্তি। ভয়াৱহ বিস্ফোৰণৰ স্মৃতি অসমীয়াই আজিও পাহৰিব পৰা নাই৷ পাহৰিবনো কেনেকৈ? চৌদিশে কেৱল হুৱাদুৱা, তেজ আৰু তেজ। কোনোবাই যদি পিতৃক হেৰুৱাইছে, কোনোৱে আকৌ হেৰুৱাইছে সন্তানক। এজন এজনকৈ বহুজনে হেৰুৱালে প্ৰাণ, বহুজন আকৌ পংগু হ’ল। এই ঘটনাই দেওবাৰে অৰ্থাৎ আজি ১৪ বছৰ সম্পূৰ্ণ কৰিলে। ১৪ বছৰত জানো বিষবোৰ কমিছে? আত্মীয়ক হেৰুৱাই উকা হোৱা বুকুবোৰ জানো ভৰিছে?
যি বিস্ফোৰণে কলংকিত কৰিছিল ইতিহাস৷ বিস্ফোৰণত চিৰকালৰ বাবে হেৰুৱাইছিল আপোনজনক৷ বহু নাৰীৰ কপাল উকা হৈছিল৷ বহু মাতৃৰ বুকু উদং হৈছিল৷ ৩০ অক্টোবৰক অসমীয়াই স্মৃতিৰ পৰা মচি পেলাব নোৱাৰে৷ ৩০ অক্টোবৰ আহিলেই বুকু কঁপি উঠে অসমীয়াৰ৷ বুকু কপি উঠে মহানগৰবাসীৰ৷ ভয়াবহ দিনটোৰ স্মৃতিয়ে শংকিত কৰি তোলে অসমীয়াক৷ সন্ত্ৰাসবাদৰ ভয়লগা ছবিখন মচিব নোৱাৰে অসমীয়াই৷ আপোন মানুহক হেৰুৱাৰ বেদনাত অসমীয়া আজিও ম্ৰিয়মান৷ বৰ্বৰ বোমা বিস্ফোৰণত শ-শ লোক ঘুণীয়া হৈছিল৷
ইমান নিষ্ঠুৰ কাণ্ড অসমত ইয়াৰ পুৰ্বে সংঘটিত হোৱা নাছিল৷ মানুহৰ জীৱন লোৱাৰ খেল কোনেও খেলা নাছিল৷ আপোন মানুহক হেৰুৱাৰ বেদনাত আজিও ছটফটাই থকা লোকসকলে পৃথিৱীক আন্ধাৰ বুলি ভাবিব ধৰিছে৷ ৩০ অক্টোবৰ সন্ত্ৰাসবাদীৰ বোমা-বিস্ফোৰণৰ ঘটনাৰ আঁৰত জড়িত আছিল উগ্ৰপন্থী সংগঠন এন ডিএফ বি৷ এই ধাৰাবাহিক বিস্ফোৰণৰ মূল মাষ্টাৰ মাইণ্ড আছিল এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ গৰাকী সদস্য। এন ডি এফ বি গোটৰ ১৫ সদস্যৰ বিৰুদ্ধে চলা গোচৰৰ ২০১৮ চনত ৰায়দান দিয়ে আদালতে। বিস্ফোৰণ সংঘটিত কৰাৰ ১০ বছৰৰ অন্তত দোষী সাব্যস্ত হয় এই ১৫ ব্যক্তি। এই বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ বাবে দুখনকৈ চাৰ্জশ্বীট দাখিল কৰিছিল চিবিআইয়ে। চাৰ্জশ্বীটত আছিল ২২ জন লোকৰ নাম। ২২ জনৰ ভিতৰত ১৫ জনক দোষী সাব্যস্ত কৰে আদালতে।
আজি ৩০ অক্টোবৰ৷ আজিৰ দিনটোতেই বোমা বিস্ফোৰণ কাণ্ড সংঘটিত হৈছিল৷ অসমৰ ৰাইজে বিস্ফোৰণত নিহত লোকসকলক শ্ৰদ্ধাঞ্জলি যাচিছে৷ দেওবাৰে অৰ্থাৎ আজি এই বিস্ফোৰণত মৃত্যু হোৱা লোকসকলক সুঁৱৰি গনেশগুৰি উৰণীয়া সেঁতুৰ তলত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ। অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কামৰূপ মেট্ৰৰ উপায়ুক্ত পল্লৱ কুমাৰ ঝাকে ধৰি বহুলোক উপস্থিতি থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ