বাস্তু শাস্ত্ৰত ঘৰৰ প্ৰতিটো অংশৰ বাবে সঠিক দিক নিৰ্দেশনা আৰু অৱস্থান নিৰ্ণয় কৰা আছে৷ ইয়াৰ ভিতৰত ঘৰৰ ছিৰিও অন্তৰ্ভূক্ত৷ যদি ঘৰৰ ছিৰি ভুল দিশত তৈয়াৰ হয় তেতিয়া বিভিন্ন সমস্যাৰ সৃষ্টি হয়৷ ঘৰৰ ভুল স্থানত বা ভুল দিশৰ নিৰ্মিত ছিৰিয়ে অগ্ৰগতিত বাধাৰ সৃষ্টি কৰে৷ ঘৰত দাৰিদ্ৰতা আনে আৰু ঘৰৰ সুখ শান্তিও কাঢ়ি লয়৷
ঘৰত দাৰিদ্ৰ, দ্বন্দ্ব আৰু উত্তেজনাৰ পৰিবেশে বিৰাজ কৰে৷ সেয়ে ঘৰৰ সঠিক দিশত ছিৰি তৈয়াৰ কৰাটো খুবেই গুৰুত্বপূৰ্ণ৷ বাস্তুশাস্ত্ৰ অনুসৰি ছিৰিৰ দিশ পূৰ্বৰ পৰা পশ্চিম অথবা উত্তৰৰ পৰা দক্ষিণ হ’লে শুভ৷ ই পৰিয়ালৰ সদস্যসকলৰ সমৃদ্ধিত সহায় কৰে৷ দক্ষিণ দিশৰ নিৰ্মিত ছিৰিও বাস্তুশাস্ত্ৰত শুভ বুলি বিবেচিত হয়৷ ইয়াৰ ফলত ঘৰৰ সম্পদ বৃদ্ধি পায়৷ সুখ আহে৷ ঘৰৰ লোকসকল একেলগে থাকে৷ ভুল কৰিও উত্তৰ পূব দিশত অৰ্থাৎ উত্তৰ পূৰ্ব কোণত ছিৰি তৈয়াৰ নকৰিব৷ এই দিশটো দেৱ দেৱীৰ দিশ৷ ইয়াত মন্দিৰ নিৰ্মাণ কৰাটো শুভ৷ উত্তৰ পূৰ্ব দিশত নিৰ্মিত ছিৰিয়ে এজন ব্যক্তিৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত বাধা আনে৷
এই দিশত থকা ছিৰিয়ে ব্যক্তিক তেওঁৰ কেৰিয়াৰত আগুৱাই যোৱাত বাধা দিয়ে৷ ইয়াৰ পৰা আয় বঢ়াতো বাধা আহে৷ ঘৰত দাৰিদ্ৰতা বৃদ্ধি পায়৷ ব্যৱসায়ত লোকচান হয়৷ পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্য প্ৰায়েই বেয়া থাকে৷ পূৰ্ব দিশত নিৰ্মিত ছিৰিয়ে ঘৰত শান্তি আৰু সুখ কাঢ়ি লয়৷ ই পৰিয়ালৰ সদস্যসকলৰ চিন্তাভাৱনাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়৷ তেওঁলোকৰ চাপগ্ৰস্থ আৰু খিঙখিঙীয়া হৈ পৰে৷ দক্ষিণ পশ্চিম দিশত ছিৰি তৈয়াৰ কৰাটো ভাল৷ ঘৰৰ ছিৰি তৈয়াৰ কৰাৰ সময়ত মনত ৰাখিব যে ছিৰিৰ সংখ্যা যেন বিজোৰ হয়৷
ছিৰিৰ তলত কেতিয়াও বাথৰুম, ৰান্ধনীশাল, প্ৰাৰ্থনা গৃহ ৰখা উচিত নহয়৷ এয়া কৰিলে দাৰিদ্ৰতা, সমস্যা, ৰোগ ইত্যাদি বাঢ়ে৷ জোতা, আৱৰ্জনা ছিৰিৰ তলত ৰখা উচিত নহয়৷ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে ছিৰিসমূহ ঘড়িৰ কাটাৰ দিশত তৈয়াৰ কৰা উচিত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ