গুৱাহাটী শোধনাগাৰৰ বিৰুদ্ধে দুর্নীতি আৰু ভ্ৰষ্টাচাৰ চলি থকা বুলি অপপ্ৰচাৰ চলাই আৰক্ষীৰ জালত পৰিল শোধনাগাৰৰ এজন মহাপ্ৰৱন্ধক। মহানগৰীৰ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰা জেনেৰেল মেনেজাৰজন হৈছে গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝা (৪০)।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গুৱাহাটী শোধনাগাৰত দীৰ্ঘদিন ধৰি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ চলি থকা বুলি মনিকা আনন্দ নামৰ ই-মেইলৰ পৰা ভাৰতীয় তেল নিগমৰ কৰ্তৃপক্ষলৈ এখন অভিযোগ পত্ৰ প্ৰেৰণ কৰে।
অভিযোগ পত্ৰ লাভ কৰি ভাৰতীয় তেল নগমে চমুকৈ আই অ’ চিয়ে ঘটনা সন্দৰ্ভত গুৱাহাটী শোধনাগাৰ কৰ্তৃপক্ষক তদন্তৰ নিৰ্দেশ দিয়ে। গুৱাহাটী শোধনাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক হীতাজী ভট্টাচার্যই ঘটনা সন্দৰ্ভত যোৱা ৩ জুনত নুনমাটি থানাত এজাহাৰ দাখিল কৰে।
লগতে পঢ়ক ৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি নিঃসহায় কিশোৰী, এতিয়া ৫ মাহৰ অন্তঃসত্বা, অভিযুক্তক গ্ৰেপ্তাৰ
এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪১৭/৪১৯/১৯০/৫০৬ নং ধাৰা আৰু ৬৬/৬৬ (ডি) আইটি এক্টৰ অধীনত থানাত ২৬৫/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।
আৰক্ষীৰ প্ৰাথমিক তদন্তত ৬০০২৩-৯২৪২৬ নম্বৰৰ ফোনৰ পৰা আই অ’ চিৰ শীৰ্ষ বিষয়ালৈ ই-মেইল প্ৰেৰণ কৰিছিল বুলি নিশ্চিত তথ্য লাভ কৰে। ৬০০২৩-৯২৪২৬ নম্বৰৰ মবাইল ফোনৰ গৰাকী গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝা বুলি আৰক্ষীয়ে ধৰা পেলায়।
নুনমাটি আৰক্ষীয়ে আজি গুৱাহাটী শোধনাগাৰৰ চৌহদৰ পৰা মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্রেপ্তাৰ কৰে৷ মহাপ্ৰৱন্ধকগৰাকীৰ বিৰুদ্ধে নিবনুৱা যুৱক-যুৱতীৰ পৰা চাকৰি আৰু ঠিকা দিয়াৰ নামতো দুৰ্নীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















