তিনি তালাকৰ পিছত এতিয়া মুছলমান সম্প্ৰদায়ৰ মাজৰ বহু বিবাহ প্ৰথাও বন্ধ হ’ব নেকি? উচ্চতন ন্যায়ালয়ৰ এক বিশেষ পদক্ষেপৰ পাছতে এই প্ৰশ্নৰ উদ্ৰেক ঘটিছে৷
প্ৰকাশ পোৱা অনুসৰি উচ্চতম ন্যায়ালয়ে মুছলমানৰ মাজত বহুবিবাহ আৰু নিকাহ হালালা পৰীক্ষা কৰিবলৈ ওলাইছে। উচ্চতম ন্যায়ালয়ে বহুবিবাহ আৰু নিকাহ হালালাৰ বিৰুদ্ধে দাখিল কৰা আবেদন সন্দৰ্ভত কেন্দ্ৰ, এন চি ডব্লিউ, সংখ্যালঘু ৰাষ্ট্ৰীয় আয়োগ আৰু এন এইচ আৰ চিৰ পৰা সঁহাৰি বিচাৰি জাননী জাৰি কৰিছে।
উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠে দশেৰাৰ পিছত এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰাৰ কথা আছে। জানিব পৰা মতে এই সম্পৰ্কীয় ৯ খন আবেদনৰ ভিত্তিত সৰ্বোচ্চ ন্যায়ালয়ে এই জাননী জাৰি কৰিছে। উল্লেখ্য যে এই গোচৰৰ আবেদনকাৰী হৈছে ছামিনা বেগম৷ তিনিটা সন্তানৰ মাতৃ ছামিনা বেগম জীৱনত দুবাৰকৈ বিবাহ বিচ্ছেদৰ বলি হৈছে।
লগতে পঢ়ক দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ চলা বুলি ভুৱা অপপ্ৰচাৰ চলাই গ্ৰেপ্তাৰ হ’ল নুনমাটি শোধনাগাৰৰ মহাপ্ৰৱন্ধক
তেওঁ এই আবেদনত দাবী জনাইছে যে মুছলিম ব্যক্তিগত আইন (শ্বৰিয়ত) প্ৰয়োগ আইন, ১৯৩৭ৰ ২ নং ধাৰাটো সংবিধানৰ ১৪, ১৫, ২১ আৰু ২৫ নং অনুচ্ছেদ উলংঘা কৰা বুলি ঘোষণা কৰা হওক, কিয়নো ইয়াত বহুবিবাহ আৰু নিকাহ হালালাক স্বীকৃতি দিয়া হৈছে। লগতে কয় যে ভাৰতীয় দণ্ডবিধি আইন, ১৮৬০ৰ বিধানসমূহ সকলো ভাৰতীয় নাগৰিকৰ ক্ষেত্ৰত সমানে প্ৰযোজ্য হ’ব লাগে।
কেৱল এয়াই নহয়, এই আবেদনতো কোৱা হৈছে যে ‘ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮ এ ধাৰা অনুসৰি তিনি তালাক যেনেকৈ এক নিষ্ঠুৰ দণ্ডনীয় অপৰাধ। ঠিক তেনেদৰে নিকাহ-হালালা ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৫ ধাৰা অনুসৰি ধৰ্ষণ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৪ ধাৰা অনুসৰি বহুবিবাহ এক অপৰাধ।
আবেদনখনত আৰু কোৱা হৈছে যে তেতিয়া চলি থকা যুদ্ধৰ পৰা ৰক্ষা পোৱা আৰু কোনো আশ্ৰয় নোপোৱা মহিলা আৰু শিশুৰ অৱস্থা উন্নত কৰিবলৈ কোৰাণত বহুবিবাহৰ অনুমতি দিয়া হৈছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ইয়াৰ বাবেই আজিৰ মুছলমানসকলে এগৰাকীতকৈ অধিক মহিলাক বিয়া কৰাবলৈ অনুজ্ঞাপত্ৰ পাইছে।
লগতে পঢ়ক আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত স্বৰ্ণকন্যা তথা ডি এছ পি হিমা দাস
এই আবেদনত আন্তঃৰাষ্ট্ৰীয় আইন আৰু সেই দেশসমূহৰ কথাও উল্লেখ কৰা হৈছে য’ত বহুবিবাহ নিষিদ্ধ। ছামিনাই কৈছে যে সমতা সকলো ব্যক্তিগত আইনৰ ভিত্তি হ’ব লাগে, কাৰণ সংবিধানত নাৰীৰ বাবে সমতা, ন্যায় আৰু মৰ্যাদাৰ কথা কোৱা হৈছে।
ইপিনে বিজেপি নেতা অশ্বিনী উপাধ্যায়েও কিছুদিন পূৰ্বে বিবাহ সম্পূৰ্ণ নিষিদ্ধ আৰু নিকাহ হালালাৰ বাবে আবেদন দাখিল কৰিছিল। এই ক্ষেত্ৰত তেওঁ কয় যে, ই মহিলাৰ মৌলিক অধিকাৰ খৰ্ব কৰে।
ইয়াৰ উপৰিও উত্তৰ প্ৰদেশৰ বুলন্দশ্বাহৰৰ ২৭ বছৰীয়া ফাৰজানাই বহুবিবাহ আৰু হালালাক অসাংবিধানিক ঘোষণা কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। ইয়াৰ আগতেও বহু লোকে বহুবিবাহ আৰু হালালাৰ বিৰুদ্ধে বহুতো আবেদন দাখিল কৰিছিল।
উল্লেখ্য যে হালালাৰ অধীনত এগৰাকী বিবাহ বিচ্ছেদ হোৱা মহিলাই স্বামীৰ সৈতে পুনৰ বিবাহ কৰিবলৈ প্ৰথমে আন এজন পুৰুষক বিয়া কৰাবলগীয়া হয়। দ্বিতীয় স্বামীয়ে বিবাহ বিচ্ছেদ দিলেহে সেই মহিলাগৰাকীয়ে প্ৰথম স্বামীক বিয়া কৰাব পাৰিব। আনহাতে বহুবিবাহৰ নিয়মত এজন মুছলমান পুৰুষৰ চাৰিগৰাকী পত্নীক বিয়া কৰোৱাৰ অনুমতি দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ