প্ৰকৃতি সঁচাকৈয়ে যথেষ্ট ৰহস্যময়। কেতিয়াবা আমি কিছুমান বিশেষ অলৌকিকতাৰ সন্মুখীন হওঁ, যাৰ যুক্তিসংগত ব্যাখ্যা নাই৷ নেটফ্লিক্সৰ ৱেব ছিৰিজ ছুইট টুথত প্ৰকৃতিৰ আশ্চৰ্যক দৃশ্য চিত্ৰণ কৰা হৈছিল য’ত এটা হাইব্ৰিড শিশুৰ শিং আৰু প্ৰাণীৰ দৰে বৈশিষ্ট্য আছিল। কিন্তু শেহতীয়াকৈ এটি নৱজাতকৰ ক্ষেত্ৰতো এনেধৰণৰ ঘটনাই আমাক সোঁৱৰাই দিছে যে বাস্তৱ জীৱনতো এনে ঘটনা ঘটিব পাৰে।
যোৱা ২৬ আগষ্টত ভাৰতৰ মধ্যপ্ৰদেশৰ শিৱপুৰ জিলাত মণিপুৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এটি শিশুটিৰ জন্ম হৈছিল। শিশুটিৰ জন্মৰ পাছতে চিকিৎসক আৰু শিশুটিৰ মাতৃ আচৰ্যশ্চকিত হৈ পৰিছিল৷ প্ৰকাশিত খবৰ মতে শিশুটিৰ কোনো ভৰি নাছিল বৰং ভৰিৰ ঠাইত জন্তু শিঙৰ দৰে এটা অদ্ভুদ অংগহে আছিল।
দ্য মিৰ’ৰৰ মতে, শিশুটিৰ অবিকশিত আছিল আৰু তেওঁৰ ওজন আছিল মাত্ৰ ২.৩১ পাউণ্ড বা ১ কিলো আৰু ৪০০ গ্ৰাম বৰ্তমান নৱজাতকটিক বিশেষ ইউনিটৰ তত্বাৱধানত শিৱপুৰী জিলা চিকিৎসালয়তে ৰখা হৈছে। মিৰ’ৰে প্ৰকাশ কৰা অনুসৰি অদ্ভুত বিকৃতিৰ সৈতে কেঁচুৱাটিৰ অৱস্থা বৰ্তমান সুস্থিৰ।
লগতে পঢ়ক তিনি তালাকৰ পিছত বন্ধ হ’ব নেকি মুছলমানৰ বহু বিবাহ প্ৰথা! কি ক’লে উচ্চতম ন্যায়ালয়ে?
ভৰিৰ সলনি শিং লৈ জন্ম লোৱা ৰহস্যময়ী কেঁচুৱাটিৰ খবৰটোৱে বনৰীয়া জুইৰ দৰে বিয়পি পৰিল৷ ই অতি কম সময়তে সংবাদ মাধ্যম আৰু নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰে। জানিব পৰা মতে বৰ্তমান চিকিৎসকে এনে বিকৃতিৰ আঁৰৰ কাৰণৰ সম্পৰ্কে চিকিৎসাজনিত অনুসন্ধান কৰি আছে। কেঁচুৱাটো কোনো ধৰণৰ প্ৰতিকূল স্বাস্থ্যজনিত সমস্যাত ভুগিছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
উল্লেখ্য যে কেৱল এইবাৰেই চিকিৎসকে এনে অলৌকিক শিশুৰ জন্মৰ সাক্ষী হোৱা নাই। ইয়াৰ পূৰ্বে ভাৰতৰ উত্তৰ প্ৰদেশত চাৰিখন হাত-ভৰিৰে এটি কেঁচুৱাৰ জন্ম হৈছিল৷ শিশুটিৰ ফ’টোবোৰ অতি কম সময়ৰ ভিতৰতে ভাইৰেল চেনচেচনত পৰিণত হয়, কাৰণ কিছুমানে তেওঁক স্বয়ং সৰ্বশক্তিমান ভগৱানৰ সংস্কৰণ বুলিও দাবী কৰিছিল।
ইফালে চিকিৎসা বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে কেতিয়াবা মাতৃৰ গৰ্ভত শিশুৱে প্ৰয়োজনীয় পুষ্টি লাভৰ পৰা বঞ্চিত হ’লে জন্মতে বিকৃতি হৈ পৰাৰ সম্ভাৱনা থাকে। অৱশ্যে এনে বিৰল ক্ষেত্ৰত সৰুতেই শিশুৰ মৃত্যু হোৱা দেখা যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ