২০১০ চনত নীৰা ৰাডিয়াৰ সৈতে জড়িত অডিঅ’ টেপ লিক হোৱাৰ তদন্ত বিচাৰি উদ্যোগপতি ৰতন টাটাই দাখিল কৰা আবেদনৰ শুনানি আজি উচ্চতম ন্যায়ালয়ত হ’ব। প্ৰায় আঠ বছৰৰ মূৰত এই শুনানি গ্ৰহণ কৰা হৈছে।
টেপ লিক হোৱাটো তেওঁৰ গোপনীয়তাৰ অধিকাৰ উলংঘা কৰা বুলি মন্তব্য কৰিছে টাটা গ্ৰুপৰ অধ্যক্ষ ৰতন টাটাই।
উদ্যোগপতি, সাংবাদিক, চৰকাৰী বিষয়া আদি গুৰুত্বপূৰ্ণ পদবীত থকা আনসকলৰ সৈতে নিৰা ৰাডিয়াৰ ফোন কথোপকথন এদশক পূৰ্বে এক তদন্তৰ অংশ হিচাপে টেপ কৰা হৈছিল।
লগতে পঢ়ক ‘নৱপ্ৰজন্মৰ যুৱকৰ বাবে পত্নী হৈ পৰিছে চিৰন্তন চিন্তা আৰু অশান্তিৰ কাৰক’ এইদৰে কোনে ক’লে?
২০১২ চনত চৰকাৰে দাখিল কৰা আবেদনৰ প্ৰতিলিপি উচ্চ ন্যায়ালয়ৰ পৰা বিচাৰিছিল ৰতন টাটাই। সেই আবেদনত কেনেকৈ টেপটো লিক হৈছিল তাৰ বিষয়ে সোধা হৈছিল আৰু তাৰ কিছুদিনৰ পাছত এই বিবাদ ‘ৰেডিয়া টেপ’ বিতৰ্ক নামেৰে জনাজাত হয়।
এই গোচৰৰ শেষ শুনানি ২০১৪ চনৰ ২৯ এপ্ৰিলত হৈছিল। এই শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই বিষয়টোৰ বিভিন্ন দিশত গুৰুত্ব আৰোপ কৰিছিল।
উল্লেখ্য যে ২০১০ চনত নীৰা ৰডিয়াৰ সৈতে ৰতন টাটাৰ কথা-বতৰা সংবাদ মাধ্যমত ফাদিল কৰা হৈছিল। ইয়াৰ পিছতে ৰতন টাটাই চৰকাৰৰ বিৰুদ্ধে আদালতত উপস্থিত হৈ কয় যে টেপসমূহ মুকলি কৰাটো তেওঁৰ গোপনীয়তাৰ অধিকাৰ উলংঘা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ