ৱেব চিৰিজ ‘দ্যা ট্ৰায়েল’ত কাজলৰ সৈতে কাম কৰা অভিনেত্ৰী নূৰ মালবিকা দাসৰ আত্মঘাতীৰ খবৰ ইতিমধ্যে ভাইৰেল হৈ পৰিছে৷ ৩২ বছৰীয়া এইগৰাকী অভিনেত্ৰী পূৰ্বে কাটাৰ এয়াৰলেন্সৰ এগৰাকী বিমানসেৱিকা আছিল৷ বিগত ৬ জুনত লোখণ্ডৱালাত তেওঁৰ নিজা ফ্লেটৰ পৰা মালবিকাৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ সূত্ৰৰ খবৰ অনুসৰি ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে নূৰৰ দেহ৷ নূৰে আত্মহত্যা কৰিছে নে আন কিবা সেয়া এতিয়াও প্ৰকাশ কৰা নাই আৰক্ষী সূত্ৰই৷
চুবুৰীয়া ফ্লেটৰ বাসিন্দাই গোন্ধ পোৱাত ফ্লেটৰ দুৱাৰ ভাঙি আৰক্ষীয়ে উদ্ধাৰ কৰে মালবিকাৰ উঁৱলি যোৱা মৃতদেহ৷ ওছিয়াৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে মালবিকাৰ মৃতদেহ৷ আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতেই মৃতদেহৰ কাষত লাভ কৰিছে মোবাইল ফোন আৰু এখন ডায়েৰী৷
নূৰৰ ঘৰ অসমতেই
নূৰৰ দেহ উদ্ধাৰৰ পাছতেই গুৰুগ্ৰামৰ সিদ্ধাৰ্থ হাস্পতালত পোষ্টমৰ্টেমৰ বাবে লৈ গৈছে আৰক্ষীৰ দলে৷ তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগৰো চেষ্টা চলাইছে বুলি জনাইছে আৰক্ষী সূত্ৰই৷ আৰক্ষীয়ে ৯ জুন দেওবাৰে তেওঁৰ দেহ এটা স্বেচ্ছাসেৱী সংস্থাৰ সহায়ত দাহ কৰিছে আৰক্ষীয়ে৷ মুম্বাইত চমজি নোলোৱা মৃতদেহ সৎকাৰ কৰে বিশেষ স্বেচ্ছাসেৱী সংস্থাটোৱে৷ নূৰৰ অসমত ক’ত ঘৰ কি কথা সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই৷ মালবিকাই হিন্দী চিনেমাৰ ওপৰিও কেইবাখনো ৱেব চিৰিজত কাম কৰিছে৷
নূৰৰ মৃতদেহ উদ্ধাৰৰ পাছতেই নূৰে অভিনয় কৰা ৱেব চিৰিজ দ্যা ট্ৰায়েল উইথ দ্যাত একেলগে কাম কৰা বন্ধু আলোকনাথে কয়, ‘মই নূৰক বহু বছৰ ধৰি চিনি পাওঁ৷ আৰু তাইৰ সৈতে তাইৰ মুম্বাইৰ ফ্লেটত এসপ্তাহ আগতো আমি লগ পাইছো সময় কটাইছো৷’ নূৰে হিন্দী ছবি ক্ৰমে, ছিছকিয়ান, ৱাকমেন, তিখি চাটনি, জাহন্য উপয়া, চাৰ্মসুখ, বেকৰোড হেষ্টলৰ দৰে ছবিত অভিনয় কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ