অসম লাইভ ২৪ঃ উত্তৰ কোৰিয়াত ১১ দিনীয়া শোক দিৱস উপযাপন৷ ১১ দিনৰ বাবে হাঁহি অথবা সুখৰ কোনো অনুভৱ প্ৰকাশ কৰাত নিষেধাজ্ঞা আৰোপ উত্তৰ কোৰিয়াত৷ আজিৰে পৰা ১১ দিনীয়া কাৰ্যসূচীৰে উত্তৰ কোৰিয়াই উদযাপন কৰিব পূৰ্বৰ শাসক কিম জং ইলৰ দশম মৃত্যু বাৰ্ষিকী৷
এই দিনকেইটাই নাগৰিকৰ বাবে হাঁহি আৰু সুৰা সেৱন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে৷ ইয়াৰ উপৰি ১৭ ডিচেম্বৰত কিম জং ইলৰ মৃত্যু বাৰ্ষিকী উপলক্ষে এই দিনটোত নাগৰিকৰ ঘৰুৱা সামগ্ৰী ক্ৰয় কৰাটো বাধা আৰোপ কৰা হৈছে৷ উত্তৰ কোৰিয়াৰ ৰেডিঅ’ ফ্ৰী এচিয়াত ঘোষণা কৰা হৈছে এইসমূহ নিষেধাজ্ঞা৷
এই সময়ছোৱাৰ ভিতৰত যদি কোনো ব্যক্তিৰ মৃত্যু হয়, কোনো আত্মীয়ই চিঞৰি কান্দিবও নোৱাইব উত্তৰ কোৰিয়াত আৰু শোক দিৱসৰ কাৰ্যসূচী সমাপ্ত হোৱাৰ পাছতহে মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰিব পাৰিব পৰিয়ালে৷ কাৰোৰে জন্মদিনো উদযাপন কৰিব নোৱাৰিব এই সময়ছোৱাত৷
উল্লেখ্য, বৰ্তমানৰ শাসক কিম জং উনৰ পিতৃ আছিল কিম জং ইল৷ ১৯৯৪ ৰ পৰা ২০১১ চনলৈ উত্তৰ কোৰিয়াত শাসন চলাইছিল কিম জং ইলে৷ ২০১১ চনত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল শাসকগৰাকীৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ