আৰম্ভণিতে আছিল শিক্ষক, দুখনকৈ বিশ্ববিদ্যালয়ত কৰিছিল অধ্যাপনা, RBIৰ গৱৰ্ণৰো হৈছিল
ভাৰতৰ দুবাৰৰ প্ৰধানমন্ত্ৰী আছিল তেখেত। কিন্তু জানেনে ৰাজনৈতিক পথাৰত খোজ দিছিল বহু পাছত। পূৰ্বে আছিল শিক্ষকতাৰ ক্ষেত্ৰত। এগৰাকী সফল তথা জনপ্ৰিয় শিক্ষক হিচাপে নাম আছিল ড০ মনমোহন সিঙৰ।
১৯৫৭ চনত কেমব্ৰিজ ইউনিভাৰ্চিটিৰ পৰা অৰ্থনীতিৰ ট্ৰাইপ’ছ সম্পূৰ্ণ কৰি ভাৰতলৈ আহে। ভাৰতত আহি শিক্ষকতাৰ জীৱন আৰম্ভ কৰে।
দেশৰ দুখনকৈ আগশাৰীৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল তেখেতে। ১৯৫৭ চনৰ পৰা ১৯৫৯ চনলৈ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ড০ সিঙে।
কিন্তু পাছত পুনৰ ডিফিলৰ বাবে অক্সফৰ্ড ইউনিভাৰ্চিটিলৈ যায়।১৯৬২ চনত ইয়ান লিটনৰ তত্বাৱধানত ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেখেতৰ থিছিছৰ বিষয় আছিল- “ভাৰতৰ ৰপ্তানিৰ প্ৰদৰ্শন, ১৯৫১–১৯৬০, ৰপ্তানিৰ সম্ভাৱনা আৰু নীতিগত প্ৰভাৱ”
পুনৰ ভাৰতলৈ উভতি আহি ১৯৬৬ চনত দেশৰ অন্যতম অৰ্থনীতিৰ শিক্ষনুষ্ঠান দিল্লী স্কুল অৱ ইক’ন’মিকছতো অধ্যাপক হিচাপে কৰ্মৰত আছিল তেখেত। তাৰ পাছতহে যোগদান কৰে ৰাজনীতিত।
১৯৭৬ চনত বিত্ত মন্ত্ৰালয়ৰ সচিব আছিল ড০ সিং। কিন্তু শিক্ষকতা আৰু ৰাজনীতিতেই নহয়, ১৯৮২ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপেও নিযুক্তি পাইছিল ড০ মনমোহন সিঙে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ