অসম লাইভ ২৪ঃ ’২১ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ। ইতিমধ্যে ৰাজীৱ ভৱন ভিৰ কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে। তাৰ মাজতে অব্যাহত আছে কংগ্ৰেছী নেতাৰ বিজেপি গমন। শেহতীয়াকৈ NSUIৰ ৰাষ্ট্ৰীয় সম্পাদক দেৱাশ্ৰী বৰাই ত্যাগ কৰিলে কংগ্ৰেছ। তেনে সময়চোৱাতে ভাইৰেল হৈছে এখন ফটো। দেৱাশ্ৰী বৰাৰ সৈতে NSUIৰ ৰাজ্যিক সমিতিৰ অন্যান্য বিষয়ববীয়াই সাক্ষাৎ কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। NSUIৰ এই দলটোৱে কম দিনৰ ভিতৰতে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা দেখা দিছে। উল্লেখযোগ্য যে, NSUIত বিষয়বাবৰ বাবে দীৰ্ঘদিন ধৰি চলি আছে বিবাদ। অসম NSUIৰ ভিতৰতো দেখিবলৈ পোৱা গৈছে কেইবাটাও লবী। অসম ৰাজ্যিক NSUIৰ নৱনিযুক্ত সভাপতিগৰাকীৰ কাম-কাজত অসন্তুষ্ট সংগঠনটোৰ অনেক জ্যেষ্ঠ কৰ্মী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ