যোৰহাটত উলংগ বাবা, বাবাক লৈ ৰাজপথত শোভাযাত্ৰা, পাছে এতিয়া চাৰিওফালে উত্তেজনা
যোৰহাটত ওলাইছে উলংগ বাবা। তাকো এজন নহয়, একেলগে দুজনকৈ উলংগ বাবে এতিয়া যোৰহাটত। বুধবাৰে যোৰহাট নগৰৰ মাজেৰে ঢাক ঢোল বজাই দুই উলংগ বাবক লৈ শোভাযাত্ৰাও কৰে এদল লোকে। পাছে এতিয়া উলংগ বাবাক লৈ যোৰহাটত তীব্ৰ উত্তেজনা।
এটা বিশেষ সম্প্ৰদায়ৰ লোকে এই উলংগ বাবাক লৈ যোৰহাট নগৰৰ মাজেৰে কৰা শুভাযাত্ৰাক সহজ ভাবে লব পৰা নাই যোৰহাটৰ ৰাইজে। কালি এই ঘটনা সংঘটিত হোৱাৰ পাছতেই আজি পুৱাৰ ভাগত যোৰহাটৰ দল, সংগঠন, সাধাৰণ নাগৰিক সকলো ওলাই আহি যোৰহাটৰ আয়ুক্ত কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে।
এই প্ৰতিবাদত জনসাধাৰণে যোৰহাট জিলাৰ ঠাকুৰবাৰীত বাঁহৰ পাতি থকা এই দুই উলংগ বাবাক বিনা বস্ত্ৰে যোৰহাট নগৰৰ মাজ মজিয়াত ওলোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে এই সংগঠন কেইটাই মাৰোৱাৰী ঠাকুৰবাৰীত এই উলংগ বাবাক আৰু এই বিশেষ সম্প্ৰদাইটোক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে।
পাছে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ কথা শুনি কোনো তদন্ত বা ব্যৱস্থা কৰাৰ পৰিবৰ্তে কেইবাজনো প্ৰতিবাদকাৰিক আটক কৰে। তাকে লৈ আৰু অধিক উত্তেজিত হৈ পৰিছে জনসাধাৰণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ