জ্যোতিষশাস্ত্ৰত গ্ৰহৰ ৰাজপুত্ৰ বুধ গ্ৰহক সম্পদ, বুদ্ধি, কথা, যোগাযোগ, ব্যৱসায়ৰ কাৰক বুলি কোৱা হয়৷ অক্টোবৰত দীপাৱলিৰ পূৰ্বে বুধে তাৰ গতিত দুবাৰ গুৰুত্বপূৰ্ণ পৰিবৰ্তন আনিব৷ এই পৰিবৰ্তনসমূহে বহু মানুহৰ জীৱনলৈ সালসলনি আনিব৷
বুধ গ্ৰহই যদি শুভ অৱস্থানত থাকে তেন্তে জাতক জাতিকাৰ ভাগ্য উজ্জ্বল হয়৷ কোটি কোটি সম্পত্তিৰ মালিক কৰি তুলিব পাৰে জাতকক৷ বুধৰ বুদ্ধিমত্তাৰ মাধ্যমেৰে খ্যাতিও অৰ্জন কৰিব পাৰে৷ অক্টোবৰৰ আৰম্ভণিতে বুধ গ্ৰহৰ উদয় হৈ পাছৰ দিনা ৰাশিচক্ৰ পৰিবৰ্তন কৰিব৷
বুধৰ গোচৰ
২ অক্টোবৰ বুধ কন্যা ৰাশিত উদয় হ’ব৷ তাৰপিছতেই ৩ অক্টোবৰত বুধে গোচৰ কৰিব তুলা ৰাশিত৷ বুধৰ নিজস্ব ৰাশি কন্যাত উদয় আৰু পৰবৰ্তী সময়ত সম্পদ আৰু সমৃদ্ধিৰ দাতা শুক্ৰৰ ৰাশি তুলা ৰাশিত তাৰ গোচৰে অত্যন্ত শুভ ফল কঢ়িয়াই আনিব৷ জানি থওক কোন কোন ৰাশিৰ বাবে এই গোচৰ শুভ হ’ব?
মেষ ৰাশি
অক্টোবৰত বুধৰ গতি পৰিবৰ্তন মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হব৷ বকেয়া অৰ্থ প্ৰাপ্ত হব পাৰে৷ বিশেষকৈ যিসকল অবিবাহিত তেওঁলোকে এজন সংগী বিচাৰি পাব৷ বিবাহৰ কথা চলিব পাৰে৷ ব্যৱসায়ীসকল লাভৱান হোৱাৰ সম্ভাৱনা আছে৷
সিংহ ৰাশি
অক্টোবৰৰ আৰম্ভণি সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে অনুকূল হব৷ অপ্ৰত্যাশিতভাৱে কৰ্মজীৱনত অগ্ৰগতি সম্ভৱ৷ নতুন উৎসৰ পৰা অৰ্থ আহিব৷ সন্তানৰ উন্নতিত লাভ কৰিব পাৰে৷ বিনিয়োগ লাভজনক হব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে বুধৰ গোচৰ অত্যন্ত শুভ হব৷ প্ৰতিটো কামতেই সফল হব৷ বহু ইচ্ছা পূৰণ হব৷ বিৰোধীসকল পৰাজিত হব৷ শত্ৰুও আপোনাৰ প্ৰতি মুগ্ধ হব৷ ব্যৱসায়ত ভাল লাভ কৰিব৷ পত্নীৰ সৈতে সম্পৰ্ক মজবুত হব৷ কৰ্মজীৱনত সুবৰ্ণ সুযোগ পাব৷
বৃশ্চিক ৰাশি
বুধৰ উদয় আৰু বুধৰ গোচৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে উপকাৰী হব৷ কাম আৰম্ভ হব৷ কেৰিয়াৰত থকা সমস্যাসমূহ সমাধান হব৷ কেৰিয়াৰলৈ গুৰুত্বপূৰ্ণ পৰিবৰ্তন আহিব পাৰে৷ প্ৰেম জীৱন আৰু বিবাহিত জীৱন ভালে থাকিব৷ আৰ্থিক অৱস্থা শক্তিশালী হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















