অসম লাইভ ২৪ঃ ক’ৰোনাৰ সংকটকালত ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে গ্ৰহণ কৰিছে এক উল্লেখনীয় পদক্ষেপ। দেশৰ বিভিন্ন ৰাজ্যলৈ অক্সিজেন প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। উদ্যোগপতি নবীন জিন্দালৰ সহযোগত ওড়িশা চৰকাৰে ৰাজ্যসমূহলৈ প্ৰয়োজনীয় অক্সিজেন প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। ২২ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত নবীন পাটনায়কে জনাই এই কথা। এই সন্দৰ্ভত টুইটযোগে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাও জনাইছে ৰাজ্যসমূহক। ২২ এপ্ৰিলত মুখ্যমন্ত্ৰীগৰাকীৰ এই নিৰ্দেশনাৰ পাছতেই ৰাজ্যসমূহলৈ জৰুৰীকালীন অক্সিজেনভৰ্তি বাহন চলাচল নিৰীক্ষণৰ বাবে ওড়িশা আৰক্ষীৰ ADG ৱাই কে জেঠৱাৰ নেতৃত্বত এক বিশেষ নিৰীক্ষকৰ দল নিয়োগ কৰে। অক্সিজেনৰ অভাৱ হোৱা ৰাজ্যসমূহলৈ অক্সিজেন সৰবৰাহৰ বাবে আৰক্ষীৰ নেতৃত্বত গ্ৰীণ ক’ৰিডৰৰ ব্যৱস্থা কৰা হৈছে। অক্সিজেন কঢ়িওৱা বাহনসমূহৰ চলাচলৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধা নহয় সেই উদ্দেশ্যেই কৰা হৈছে গ্ৰীণ ক’ৰিডৰৰ ব্যৱস্থা। ইতিমধ্যেই ওড়িশাৰ পৰা বিশাখাপট্টনম, তেলেংগনা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু দিল্লীলৈ প্ৰেৰণ কৰা হৈছে অক্সিজেন। জৰুৰীকালীনভাৱে অক্সিজেন প্ৰেৰণ কৰাৰ বাবে দিল্লী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে নবীন পাটনায়কক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ