অসম লাইভ ২৪ঃ ফটোখন বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ। সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয় হৈ থাকে কংগনা। প্ৰায় নিজৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰি থাকে অভিনেত্ৰীগৰাকীয়ে। এইবাৰ নিজৰ আৰু তেওঁৰ ভগ্নী ৰঙ্গোলী চান্দেলৰ শৈশৱৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। এই ছবিবোৰত নিজৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে কংগনাই।

কংগনা ৰাণাৱটে নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত ২০০০ চনত মাকৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰিছে। কংগনাই সেই সময়ত নৱম শ্ৰেণীত পঢ়ি আছিল। তেওঁ লিখিছে, ফটোখন নৱম শ্ৰেণী হ’ব লাগে, বৰ্ষ 2000ৰ”

কংগনা ৰাণাৱটে ভগ্নী ৰংগোলী চান্দেল আৰু দেউতাকৰ এখন ফটো শ্বেয়াৰ কৰিছে। এই ছবিখনত ৰংগোলীয়ে হাতত এটা মোবাইল ধৰি আছে আৰু দেউতাকে চাই আছে। ইয়াক শ্বেয়াৰ কৰি কংগনাই লিখিছে ৰংগোলী আৰু পাপা। ৰংগোলী চোৱা, মই কি পালোঁ!লগতে কংগনা ৰাণাৱটে নিজৰ স্কুলৰ দিনবোৰৰ এখন ফটো শ্বেয়াৰ কৰিছে। ইয়াত কংগনা আৰু নিজৰ বন্ধুবৰ্গক পৰম্পৰাগত পোছাকত দেখিবলৈ পোৱা গৈছে। আন এখন স্কুলৰ দিনৰ পৰা ফটোত কংগনাক দেখিবলৈ পোৱা গৈছে বন্ধু নেন্সীৰ সৈতে।

কংগনা ৰাণাৱটে প্ৰায়ে অনুৰাগীসকলৰ সৈতে নিজৰ শৈশৱৰ অভিজ্ঞতা শ্বেয়াৰ কৰে। হিমাচলৰ এখন সৰু গাঁৱৰ পৰা গৈ মায়া নাগৰীত দপদপাই আছে কংগনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















