অসম লাইভ২৪ঃ চখ সঁচায়ে অদ্ভুত। চখ পুৰণ কৰিবলৈ মানুহে কি নকৰে? কিন্তু চখৰ বাবেই জে’ল হাজোতত বাস কৰিব বিচাৰে সেই কথা জানো মানি ল’ব পাৰি? শুনিবলৈ অদ্ভুত লাগিলেও এয়া সত্য। এগৰাকী বৃদ্ধাৰ চখ যে তেওঁ এবাৰলৈকে হলেও হাতকেৰেয়া পিন্ধিব। জীৱনৰ বিয়লীবেলাত সেই চখ পুৰণ হ’ল বৃদ্ধাৰ।
‘বাকেট লিষ্টেড ড্ৰিমছ’ বৰ্তমান সময়ত খুবেই চৰ্চিত এটা ট্ৰেণ্ড। পাশ্চাত্যৰ দেশসমূহত এই ধাৰা বহুত দিন ধৰিয়েই চলি আহিছে। এই উন্নত দেশসমূহত মানুহে নিজা চখৰ কথা লিখি দিয়ে। এইসমূহত কেতিয়াবা অদ্ভুত ইচ্ছাৰ কথাও এই তালিকাত অন্তৰ্ভূক্ত হয়।
এই অদ্ভূত চখসমূহৰ ভিতৰত এগৰাকী বৃদ্ধাৰ চখ দেখি সকলোৱেই আচৰিত হৈ পৰিছিল। বৃদ্ধাই লিখিছিল যে তেওঁ এবাৰলকৈ হ’লেও জে’ল হাজোতত থাকিব বিচাৰে। কিন্তু তেওঁৰ সামাজিক পৰিচয়ৰ বাবে এই সৌৰ্ভাগ্য তেওঁৰ জীৱনলৈ নাহিল। ইফালে বৃদ্ধাৰ বয়স ১০০ৰ সীমা পাৰ হৈছে। বৃদ্ধা বয়সতো কিন্তু জে’ল হাজোতত চখ পুৰণৰ বাবে যাব খোজাত আৰক্ষীয়ে সহায় কৰিছে বৃদ্ধাক। অপৰাধীৰ ধৰণেৰেই ৰাস্তাৰ মাজেৰে হাতকেৰেয়া লগাই লৈ যোৱা হৈছে বৃদ্ধাক। এই যাত্ৰাত বৃদ্ধাৰ সুখ দেখি অবাৰ হৈছে আৰক্ষী কৰ্মী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ