অসম লাইভ ২৪ঃ অলিম্পিকৰ প্ৰায় অন্তিম মুহূৰ্তত টকিঅ’ৰ আকাশত গুঞ্জৰিত হ’ল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত। নীৰজ চোপ্ৰাৰ স্বৰ্ণৰে উজ্বলিল ভাৰতবৰ্ষ। সুদীৰ্ঘ ১২ বছৰৰ অন্তত ভাৰতে অলিম্পিকত লাভ কৰিলে সোণৰ পদক। ইয়াৰ লগে লগে ব্যক্তিগত শাখাত ভাৰতৰ হৈ সোণৰ পদৰ লাভ কৰা দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হ’ল নীৰজ চোপ্ৰা। টকিঅ’ অলিন্পিকত ভাৰতে লাভ কৰে সৰ্বমুঠ ৭টা পদক, ইয়াৰে ১টা সোণৰ, ২টা ৰূপৰ আৰু ৪টা ব্ৰঞ্জৰ। ৭টা পদকেৰে পদক তালিকাৰ ৪৭ সংখ্যক স্থান লাভ কৰে ভাৰতে। ১১০টা পদকেৰে পদক তালিকাৰ শীৰ্ষত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ৮৭টা পদকেৰে তালিকাৰ দ্বিতীয় স্থানত আছে চীন আৰু ৫৮টা পদকেৰে তালিকাৰ তৃতীয় স্থান দখল কৰে জাপানে। ২০৬ খন দেশৰ প্ৰায় ১১ হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে টকিঅ’ অলিম্পিকত। অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দৰ্শকশূন্য হৈ ৰ’ল ষ্টেডিয়াম। ক’ৰোনা মহামাৰীৰ বাবে কঠোৰ কোভিড বিধিৰ মাজেৰে অনুষ্ঠিত কৰিবলগীয়া হ’ল টকিঅ’ অলিম্পিক। ২০২০ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক কোভিড-১৯ৰ বাবে পিছুৱাই দিয়া হৈছিল যদিও চলিত বৰ্ষতো পূৰ্বৰ দৰে খেল অনুষ্ঠিত কৰাত কোভিডে প্ৰভাৱ পেলায়। আয়োজকে ‘বায়’ বাবল’ সুৰক্ষাৰ ব্যৱস্থা কৰিছিল যদিও অলিম্পিক অনুষ্ঠিত হোৱাৰ প্ৰাক মুহূৰ্তত টকিঅ’ৰ ‘গেমচ ভিলেজ’ত সংক্ৰমিত হয় ক’ৰোনা। প্ৰতিযোগিতাত অংশগ্ৰহন নকৰাকৈ প্ৰায় ৮৫০গৰাকী খেলুৱৈসহ প্ৰশিক্ষক টকিঅ’ৰ পৰা ৰাওনা হয় স্ব-গৃহলৈ। ইফালে, বিশ্বৰ ১০ হাজাৰৰো অধিক খেলুৱৈৰ মাজত জিলিকি উঠিল অসম কন্যা লাভলীনা বৰগোহাঁই। মহিলা বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰে লাভলীনাই। মণিপুৰৰ মীৰাবাঈ চানুৱে ভাৰত্তোলনত ৰূপৰ পদক লাভ কৰে। উত্তৰ-পূবৰ দুয়োগৰাকী খেলুৱৈয়ে গৌৰাৱান্বিত কৰে দেশবাসীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ