কালীপূজাৰ আগৰ দিনটোত পালন কৰা হয় ভূত চতুৰ্দশী৷ এই চতুৰ্দশীক নৰক চতুৰ্দশী বুলিও কোৱা হয়৷ কালীপূজাৰ সৈতে একে দিনাই পালিত হ’ব ভূত চতুৰ্দশী৷ ধৰ্মীয় ধাৰণা অনুসৰি ভূত চতুৰ্দশীৰ দিনা যমত নামেৰে এটা চাকি জ্বলোৱাৰ প্রথা পূৰ্বৰে পৰাই চলি আহিছে৷ এই দিনটোত যমৰ নামেৰে এটি চাৰিমুখীয়া প্ৰদীপ জ্বলোৱা হয়৷ নিশা সেই প্ৰদীপত তেল দি চাৰিটা শলিতাৰে চাকিগছ জ্বলাই ৰখা হয়৷ ইয়াৰ পাছতেই নিয়ম মানি পূজা কৰাৰ পাছত প্ৰদীপ জ্বলাই দক্ষিণ ফালে মুখ কৰি ‘মৃত্যুনাং দণ্ডপাশাভ্যাং কালেন শ্যাময়া সহ ত্রয়োদশ্যাং দীপদানাৎ সূর্যজঃ প্রীয়ন্তা মম্’ মন্ত্ৰ জপ কৰি যমৰ পূজা কৰা হয়৷
নৰক চতুৰ্দশীত তিলৰ তেলেৰেও প্ৰদীপ জ্বলোৱাৰ নিয়ম আছে৷ ঘৰৰ প্ৰৱেশ দ্বাৰৰ কাষত চাউল বা ধান থৈ তাৰ ওপৰতেই এই প্ৰদীপ থোৱা হয়৷ এই প্ৰদীপ জ্বলোৱাৰ সৈতে যমৰ কি সম্পৰ্ক? দীপাৱলীত জ্বলোৱা যম চাকিৰ সৈতে এক পৌৰাণিক কাহিনীও জড়িত হৈ আছে৷ কাহিনী অনুসৰি এবাৰ যমে নিজৰ দূতসকলক সুধিছিল যে কোনো জীৱই প্ৰাণ হেৰুওৱাৰ সময়ত তেওঁলোকৰ কাৰোবাৰ প্ৰতি দয়া আহে নে? প্ৰথমে সংকোচ কৰিলেও যম ৰজাক দূত এজনে কয় যে, তেওঁলোকৰ কাৰো প্ৰতিয়েই দয়া নাহে৷ কিন্তু দ্বিতীয়বাৰ আকৌ যমৰজাই আন এজন দূতক এই প্ৰশ্ন কৰাত সেইগৰাকী দূতে যমৰজাক এটা বিশেষ কাহিনী শুনোৱাই৷
ঘটনা বৰ্ণনা কৰিবলৈ গৈ তেওঁ কয়, ‘এবাৰ হেম নামৰ এজন ৰজাৰ পত্নীয়ে এটি সুন্দৰ পুত্ৰ সন্তানৰ জন্ম দিছিল৷ পুত্ৰ সন্তানৰ জন্মৰ পাছতেই জ্যোতিষীয়ে নক্ষত্ৰ গণনা কৰি কয় যে, বিবাহৰ চাৰি দিন পাছতেই সেই বালকৰ মৃত্যু হ’ব৷ এই ভৱিষ্যতদ্বাণী শুনাৰ পাছতেই ৰজাই সেই বালকক লৈ যমুনা তীৰৰ এটা গুহাত ব্ৰক্ষ্মচাৰী হিচাপে থাকি সন্তানক লালন পালন কৰিবলৈ ধৰে৷ এনেকৈ লাহে লাহে ৰজাৰ পূত্ৰ ডাঙৰ হয়৷ সুঠাম সুন্দৰ ৰাজকুমাৰ সেই যমুনা নদীৰ পাৰত প্ৰায়েই ঘূৰি ফুৰে৷ এনেকৈ ঘূৰি ফুৰোতে এদিন সেই নদীৰ তীৰলৈ মহাৰজা হংসৰ কন্যা ফুৰিবলৈ আহিছিল৷ ৰাজকুমাৰক দেখিয়েই সেই ৰাজকুমাৰী মোহিত হৈ পৰে৷ ৰাজকুমাৰীক দেখি মোহিত হৈ পৰে ৰাজকুমাৰো৷ সেয়ে দুয়ো গন্ধৰ্ব বিবাহ কৰায়৷ কিন্তু ৰাজকুমাৰে সেই ৰাজকুমাৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পাছতেই ৰাজকুমাৰৰ মৃত্যু হয়৷
জ্যোতিষ গণনা মতেই বিবাহৰ ৪ দিন পাছত ৰাজকুমাৰৰ মৃত্যু হয়৷ স্বামীৰ মৃত্যুৰ কান্দি উঠে ৰাজকুমাৰীয়ে৷ যমদূতে যমৰাজক এই কাহিনীৰ বৰ্ণনা দি অৱশেষত কয়, ‘মহাৰাজ সেই নৱবিবাহিতাৰ বিলাপ শুনি আমাৰ হৃদয়েও কান্দি উঠিছিল৷ সেই ৰাজকুমাৰে প্ৰাণ হেৰুওৱাৰ সময়ত আমাৰ চকুৰেও চকুলো নিগৰিছিল৷ আমিও সেই মৃত্যুত কান্দি উঠিছিলো৷’ তেতিয়া যমদূতে যমৰজাক উভতি এটা প্ৰশ্ন কৰে৷ যমৰাজক কাহিনী শুনোৱা হেম নামৰ দূতটোৱে সুধে, ‘অকাল মৃত্যুৰ পৰা বাচিবলৈ কোনো উপায় মনুস্যৰ হাতত নাই নেকি?’ তেতিয়াই যমৰাজে এটা উপায়ৰ কথা হেমক জনায়৷ যমৰাজে হেমক কয়, ‘অকাল মৃত্যুৰ পৰা মুক্তি লাভ কৰিবৰ বাবে নৰক চতুৰ্দশীৰ দিনা নিয়ম মানি আমাক উদ্দেশ্যি এগছ চাকি জ্বলাই পূজা কৰিলে অকাল মৃত্যুৰ পৰা ৰেহাই পাব৷ নৰক চতুৰ্দশীত প্ৰদীপ জ্বলালে অকাল মৃত্যুৰ পৰা আমি ৰক্ষা কৰিব পাৰিম৷’ যম ৰজাৰ এই কথাকেই মানি প্ৰত্যেকবছৰেই নৰকচতুৰ্থীত যমৰ নামত এগছ চাকি জ্বলোৱাৰ পৰম্পৰা চলি আহিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ