এজন বিবাহিত লোকে নিজ ঘৰৰ ছাদৰ ওপৰত প্ৰেমিকাৰ প্ৰেমালাপ কৰি ধৰা পিছতে ঘটিল এক অথন্তৰ৷
পত্নীলৈ বুলি গুলীওৱা গুলীয়ে আঘাত কৰিলে তৰুণীৰ প্ৰেমিকাৰ শৰীৰত৷ এই ঘটনাটো সংঘটিত হৈছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত৷
আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনা অনুসৰি ত্ৰিকোণীয় প্ৰেমৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হয়৷
ঘটনাৰ বিৱৰণি অনুসৰি মংগলবাৰে কলকতাৰ বীৰভূম অঞ্চলৰ নলহাটি আৰক্ষী থানাৰ অন্তৰ্গত তিনি নম্বৰ ৱাৰ্ডত দুপৰীয়া ভাগত এই ঘটনাটো সংঘটিত হয়৷
দুপৰীয়া সময়ত অভিযুক্ত বীৰু শ্বেখ নামৰ লোকজনে নিজ ঘৰৰ ছাদৰ ওপৰত প্ৰতিবেশী তৰুণী প্ৰেমিকা নিকিতা খাতুনৰ সৈতে অন্তৰংগ মুহূৰ্ত কটাই থকাৰ সময়তে পত্নীয়ে প্ৰত্যক্ষ কৰে৷
ইয়াৰ পিছতে স্বামী, স্ত্ৰী আৰু প্ৰেমিকাৰ মাজত খণ্ডযুদ্ধৰ আৰম্ভ হয়৷ উক্ত খণ্ডযুদ্ধই চৰম পৰ্যায় পোৱাত স্বামীয়ে পত্নীলৈ গুলীবৰ্ষণ কৰে যদিও গুলী গৈ প্ৰেমিকা নিকিতা খাতুনৰ বুকুত লাগে৷
গুলীবিদ্ধ নিকিতাক সংকটজনক অৱস্থাত ততাতৈয়াকৈ স্থানীয় ৰামপুৰহাট মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷
এই ঘটনাৰ পিছতে অভিযুক্ত বীৰু শ্বেখে পলায়ন কৰে৷ ইফালে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত বীৰুৰ পত্নীক আটক কৰিছে৷
আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত প্ৰকাশ কৰিছে যে বীৰু শ্বেখৰ নিকিতাৰ সৈতে বিবাহ-বহিৰ্ভূত সম্পৰ্ক আছিল৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ