‘লাভ জেহাদ’ কৰি হিন্দু যুৱতীক প্ৰতাৰণা কৰাৰ প্ৰমাণ হ’লে মুছলমান যুৱকে ১০ বছৰ কাৰাবাস খটাৰ লগতে ১ লাখ টকা জৰিমনা ভৰিব লাগিব৷
পুনৰ ক্ষমতালৈ আহিলে উত্তৰ প্ৰদেশত এই দণ্ড নিশ্চিত কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে৷ এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷
মংগলবাৰে উত্তৰ প্ৰদেশৰ আগন্তুক নিৰ্বাচন উপলক্ষ্যে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ ‘লোক কল্যাণ সংকল্প পত্ৰ ২০২২’ মুকলি কৰি এইদৰে কয় গৃহমন্ত্ৰী অমিত শ্বাহে৷
গেৰুৱা দলটোৰ ইস্তাহাৰ মুকলি কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে উত্তৰ প্ৰদেশৰ কৃষকসকলক অহা পাঁচ বছৰলৈ জলসিঞ্চনৰ বাবে প্ৰয়োজনীয় বিদ্যুতৰ মাচুল ৰেহাই দিয়া হ’ব৷
ভোটাৰক মোহাৱদ্ধ কৰিবলৈ অমিত শ্বাহে মাতৃ-ভগ্নীৰ বাবে মুখ্যমন্ত্ৰীৰ কন্যা উজ্বলা যোজনাক ১৫ হাজাৰৰ পৰা ২৫ লাখলৈ বৃদ্ধি কৰাৰ লগতে মুখ্যমন্ত্ৰী সামূহিক বিবাহ কল্যাণ যোজনা ১ লাখ টকালৈ বৃদ্ধি কৰা হ’ব বুলিও প্ৰকাশ কৰে৷
আনহাতে হোলী আৰু দিপাৱলীত উত্তৰ প্ৰদেশৰ মহিলাসকলক প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ অধীনত একোটাকৈ ৰন্ধন গেছ বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব বুলিও প্ৰকাশ কৰিছে অমিত শ্বাহে৷ লগতে মহিলাৰ মাহিলী পেন্সন ১৫০০ টকালৈ বৃদ্ধি কৰা হ’ব বুলিও মন্তব্য কৰে শ্বাহে৷
ইফালে উত্তৰ প্ৰদেশ চৰকাৰে বিগত কাৰ্যকালত ৩ কোটি লোকক পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে কৰ্মসংস্থাপন দিয়া বুলি দাবী কৰি শ্বাহে কয় যে পুনৰ ক্ষমতালৈ আহিলে প্ৰতিটো পৰিয়ালৰ পৰা অতি কমেও এজন লোকক কৰ্মসংস্থাপন দিয়া হ’ব৷
কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে আৰু দাবী কৰে যে উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ চৰকাৰে ২০১৭ চনৰ নিৰ্বাচনী ইস্তাহাৰৰ ২১২ টা প্ৰতিশ্ৰুতিৰ ৯৩ শতাংশই পূৰণ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ