প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কৃষকৰ অৱস্থাত পূৰ্বতকৈ যথেষ্ট উন্নত হোৱা বুলি দাবী কৰি আহিলেও দেশৰ কৃষকৰ আত্মহত্যাৰ হাৰ হ্ৰাস পোৱা নাই৷ দেশত বৰং উদ্বেগজনকভাৱে এই হাৰ বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে৷
কেন্দ্ৰীয় চৰকাৰৰ তথ্যৰ মতে যোৱা মাত্ৰ তিনিটা বছৰতে দেশৰ বিভিন্ন প্ৰান্তত ১৭ হাজাৰৰো অধিক কৃষকে আত্মহত্যা কৰিছে৷
মংগলবাৰে সংসদৰ শীতকালীন অধিবেশনত লোকসভাত কেন্দ্ৰীয় চৰকাৰে এই তথ্য প্ৰকাশ কৰিছে৷
নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’(NCRB)ৰ তথ্যৰে উদ্ধৃতি দি আজি লোকসভাত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় কুমাৰ মিশ্ৰই কয় যে দেশৰ ৰাজ্যসমূহৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিভিন্ন প্ৰান্তত মুঠ ১৭,২৯৯ গৰাকী কৃষকে আত্মহত্যা কৰিছে৷
এক্সিডেণ্টাল ডেথছ এণ্ড চুইচাইড ইন ইণ্ডিয়াৰ ৰিপ’ৰ্ট অনুসৰি ২০১৮ বৰ্ষত ৫,৭৬৩ গৰাকী, ২০১৯ বৰ্ষত ৫,৯৫৭ গৰাকী আৰু ২০২০ বৰ্ষত ৫,৫৭৯ গৰাকী কৃষকে আত্মহত্যা কৰিছে৷
চৰকাৰী এই তথ্যই প্ৰমাণ কৰিছে যে প্ৰধানমন্ত্ৰীয়ে দেশৰ কৃষকৰ অৱস্থা পূৰ্বতকৈ উন্নত হোৱা বুলি দাবী কৰিলেও প্ৰকৃতপক্ষে কৃষকৰ অৱস্থা উন্নত হোৱা নাই৷ যাৰফলত কৃষকৰ আত্মহত্যা ৰোধ কৰিবলৈ চৰকাৰে সক্ষম হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ