অসম লাইভ২৪ঃ বিগ বছ অটিটিৰ এইবাৰ দ্বিতীয় ছিজন। প্ৰথম ছিজনৰ সঞ্চালকৰ ভুমিকাত আছিল পৰিচালক প্ৰযোজক কৰণ জোহাৰ। কিন্তু এইবাৰ অটিটিতো সঞ্চালকৰ দায়িত্বত থাকিব ছলমান খানেই। বিগ বছ ছলমান খানক বাদ দি কাহানিও সম্পূৰ্ণ নহয়। দৰ্শকেও ছলমানক বাদ দি সঞ্চালকৰ দায়িত্বত আন কাকোৱেই নিবিচাৰে। হিন্দি ৰিয়েলিটি শ্ব’সমূহৰ ভিতৰত বিগ বছেই সৰ্বাধিক জনপ্ৰিয়। আৰু এই শ্ব’ৰ প্ৰাণকেন্দ্ৰই হৈছে ভাইজান ছলমান।
ছলমানে নিজাধৰণেই এই শ্ব’টোক এটা বিশেষ ৰূপ দিছে। বিগ বছৰ ঘৰৰ ভিতৰত থকা প্ৰতিযোগীসকলৰ সমগ্ৰ কাৰুকাৰ্যও নিয়ন্ত্ৰণ কৰি সকলোকে সম্ভালি ৰখাত ছলমানৰ আছে বিশেষ ভুমিকা। বিগত বৰ্ষত ছলমানে অটিটিত সঞ্চালকৰ দায়িত্ব লোৱা নাছিল। সেইবাবে কৰণ জোহাৰক অটিটিৰ দায়িত্ব দিয়া হৈছিল। ছলমানতকৈয়ো বেছি পাৰিশ্ৰমিক লোৱা সঞ্চালকক কিন্তু ভাল নাপালে জনতাই।
এইবাৰ সেয়ে কালাৰ্ছে কোনো কাৰণতে অইন সঞ্চালক ল’ব বিচৰা নাই এই শ্ব’টোৰ বাবে। যিমানেই পাৰিশ্ৰমিক ল’লেও ছলমানকেই লোৱা হ’ব। ছলমানক ১০০০কোটি টকালৈকো দিবলৈ ৰাজী হৈছে কালাৰ্ছ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ