অসম লাইভ২৪ঃ ‘সন্মানেৰেনো কি হ’ব? থাকিবলৈ ঘৰ এটাই নাই মোৰ৷ মৰাৰ পাছত মোৰ নামত স্মৃতিসৌধ বনাই দিয়াতকৈ মোক থাকিবলৈ ঘৰ এটাকে দিয়ক৷’ এই বিননি কোনো সাধাৰণ মহিলাৰ নহয়৷ চৰকাৰৰ কাষত এনেদৰে বিনাইছে এগৰাকী পদ্মশ্ৰী লাভ কৰা মহিলাই৷ পদ্মশ্ৰী সন্মান দিওতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিশ্ৰুতি দিছিল তেঁৱৰ ঘৰটো নিৰ্মাণ কৰি দিয়াৰ৷ তাৰপাছতেই পদ্মশ্ৰী লাভ কৰা মহিলাগৰাকীয়ে এটাৰ পাছত আনটো চৰকাৰী কাৰ্যালয়ত তাঁতবাটি কৰিও নাপালে ঘৰ৷ ৮৪ বছৰীয়া যোধাবাইয়ে এতিয়া উপায়হীন হৈ সংবাদমাধ্যমৰ আগত বিৱৰি কলে সকলো কথা৷
৮৪ বছৰীয়া যোধাবাইয়ে একাধিক বঁটা বাহন পাইছে৷ দেৱালত নান্দনিক ছবি নিৰ্মাণ কৰাৰ সূক্ষ্ম কৃৰ্তীৰ বাবেই তেওঁ লাভ কৰিছে পদ্মশ্ৰী সন্মানো৷ কঠিন জীৱনশৈলীৰ সৈতে জীৱনৰ বেছিভাগ সময়েই পৰিচিত যোধাবাই মধ্যপ্ৰদেশৰ উমাৰিয়া জিলাৰ লোহাৰ গাঁৱৰ বাসিন্দা৷ এসময়ত তেওঁ ইটাভাটাত কৰ্মৰত এগৰাকী শ্ৰমিক আছিল৷ ইটাভাটাৰ কাম বন্ধ থকাৰ সময়ত দুই সন্তানৰ মুখত দুবেলা দুমুঠি তুলি দিবৰ বাবে যোধাবাইয়ে সুৰাও বিক্ৰি কৰিছিল৷ ৭০ বছৰীয়া যোধাবাইয়ে তেতিয়া পালে এক বিশেষ কাম৷ দেৱালত ছবি আঁকিব লাগে৷ পেটৰ তাড়নাতেই সেই কাম কৰিবলৈ আৰম্ভ কৰে যোধাবাইয়ে৷ কিন্তু এইকামেই যে তেওঁক ইমান জনপ্ৰিয় কৰি তুলিব সেয়া তেওঁৰ সপোনৰো অগোচৰ আছিল৷ এই কামৰ বাবেই পদ্মশ্ৰীও লাভ কৰিলে যোধাবাইয়ে৷
কিন্তু সকলো পাইয়ো অসহায় যোধাবাই৷ এই শীতৰ মাজতো ভঙা জুপুৰীতেই জীৱন কটাইছে যোধাবাইয়ে৷ পকী ঘৰ বাদেই থকা ঘৰটো বৰষুণ দিলেই পানী পৰে৷ চৰকাৰী আৱাস যোজনাৰ ঘৰ বিচাৰি বহুবাৰ গাওঁ পঞ্চায়ত জিলা কাৰ্যালয়সমূহত তাঁতবাটি কৰিছে যোধাবাইয়ে৷ চৰকাৰী পক্ষলৈ যোধাবাইৰ এটাই কাকুতি, চৰকাৰী আৱাসগৃহ এটা দিয়ক অন্যথা মৃত্যুৰ পাছত স্মৃতিসৌধ নিৰ্মাণ কৰি মোক সন্মানিত কৰাৰো প্ৰয়োজন নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ