জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণে লৈছে ভয়াৱহ ৰূপ৷
ধৰ্মীয় পৰিচয় সুধি সুধি হত্যা কৰা হৈছে পৰ্যটকক৷
ইতিমধ্যেই ২৮গৰাকীকৈ নিৰীহ পৰ্যটকে হেৰুৱাইছে প্ৰাণ৷
ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও৷
প্রধানমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই শ্ৰীনগৰত উপস্থিত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ৷
কোনো ভুক্তভোগী যদি বন্দী হৈ আছে তেওঁলোকৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ৷
পেহেলগাওঁৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক লৈ জম্মু কাশ্মীৰৰ জনসংযোগ বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ৷
ইমাৰজেন্সি কন্ট্ৰল ৰূম শ্ৰীনগৰ 0194-2457543, 0194-2483651
আদিল ফৰিদ, এডিছি শ্ৰীনগৰ 7006058623
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















