মানৱ সমাজ লজ্জানত, কবৰ খান্দি মহিলাৰ নিথৰ দেহ উলিয়াই…
পাকিস্তানৰ পৰা পোহৰলৈ আহিছে এক অতিকে জঘন্য ঘটনা। এগৰাকী ৪০ বছৰীয়া আদহীয়া ব্যক্তিয়ে মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত কৰিছে, যি ঘটনাৰ বিষয়ে শুনিলে আচৰিত হৈ পৰিব আপুনিয়ো।
সেই লোকগৰাকীয়ে এতিয়া পাকিস্তানৰ কৰাচী চহৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। লোক গৰাকীৰ নাম ৪০ বছৰীয়া মহম্মদ চেলিম। মহম্মদ চেলিমৰ বিৰুদ্ধে কবৰ খান্দি মহিলাৰ মৃতদেহৰ সৈতে জঘন্য কাণ্ড কৰাৰ গুৰুতৰ অভিযোগ।
আৰক্ষীৰ মতে, অভিযুক্তই এতিয়ালৈকে তিনিটা কবৰ খান্দি এই জঘন্য কাণ্ড সংঘটিত কৰিছে। এই গোচৰত কৰাচী আৰক্ষীয়ে অভিযুক্তজনৰ এটা ভিডিঅ’ও প্ৰকাশ কৰিছে, য’ত তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰা দেখা গৈছে।
এই চাঞ্চল্যকৰ ঘটনা তেতিয়া পোহৰলৈ আহিল যেতিয়া কৰাচীৰ এটা শ্মশানৰ তত্ত্বাৱধায়কে নিশা এটা কবৰৰ কাষত হঠাতে কিবা গতিবিধি লক্ষ্য কৰে। সেই স্থানত উপস্থিত হৈ আচৰিত হৈ পৰে তত্ত্বাবধায়ক। এজন লোকক কবৰ খান্দি মহিলাৰ মৃতদেহৰ সৈতে জঘন্য কাণ্ড কৰি থকা দেখা পায়।
লগে লগে তত্ত্বাবধায়কে এই কথা আৰক্ষীক জনোৱাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ অভিযুক্ত মহম্মদ চেলিমক জিম্মাত লয়।
আৰক্ষীৰ জেৰাৰ সময়ত প্ৰকাশিত এটা ভিডিঅ’ত চেলিমে নিজৰ অপৰাধৰ সমগ্ৰ কাহিনী বৰ্ণনা কৰে ৷ চেলিমে কয় যে ধৰা পৰা সময়ত তেওঁ মহিলাৰ কবৰ খান্দি কফন আঁতৰাই মৃতদেহৰ সৈতে অপৰাধ কৰিছিল। লগতে ইয়াকো স্বীকাৰ কৰে যে এই ঘটনাৰ পূৰ্বেও তিনিটা কবৰৰ সৈতে একে কাম কৰিছিল।
বৰ্তমান কৰাচী আৰক্ষীয়ে মহম্মদ চেলিমৰ বিৰুদ্ধে কবৰ খান্দি মৃতদেহৰ সৈতে জঘন্য কাণ্ড কৰাৰ দৰে জঘন্য অপৰাধৰ গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে এই বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰি আন ক’তো এনে ঘটনা সংঘটিত হৈছে নেকি সেই বিষয়েও তদন্ত কৰি আছে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ