চেম্পিয়নছ ট্ৰফী আয়োজন কৰি বৰ্বাদ পাকিস্তান, বৃহৎ লোকচানৰ সন্মুখীন
চেম্পিয়নছ ট্ৰফী আয়োজন কৰি প্ৰায় বৰ্বাদ পাকিস্তান। বৃহৎ পৰিমানৰ ধনৰ লোকচানৰ সন্মুখিন। তাতে আৰু পূৰ্বৰে পৰা পাকিস্তানৰ অৰ্থনীতিৰ অৱস্থা বেয়া আছিল যদিও এতিয়া চেম্পিয়নছ ট্ৰফী আয়োজন কৰাৰ পিছত দেশখনৰ অৱস্থা আৰু বেয়া হৈ পৰিছে।
আইচিচি প্ৰতিযোগিতাখন আয়োজন কৰি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ইমানেই লোকচানৰ সন্মুখীন হৈছে যে বিশ্বৰ অন্যতম দামী যুঁজাৰু বিমান এফ-৩৫ ক্ৰয় কৰিব পাৰিলেহেঁতেন।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, চেম্পিয়নছ ট্ৰফী আয়োজন কৰি পিচিবিয়ে ৮৫ মিলিয়ন মাৰ্কিন ডলাৰ ( ভাৰতীয় হিচাপত ৮৬৯ কোটি টকা) লোকচানৰ সন্মুখীন হৈছে।
পাছে ইমান টকা খৰচ কৰিয়ো তথা ৮৬৯ কোটি টকাৰ লোকচান হোৱাৰ পাছত পাকিস্তানে চেম্পিয়নছ ট্ৰফীত মাত্ৰ দুখন মেচহে খেলিবলৈ পাইছিল। আৰু দুয়োখনতে পৰাজিত হৈছিল দলটো। গ্ৰুপৰ বাকি দুখন খেল বৰষুণৰ বাবে বাতিল হৈছিল।
৮৫ মিলিয়ন মাৰ্কিন ডলাৰ খৰচ কৰা পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আয়োজক মাচুল হিচাপে বিনিময়ত মাত্ৰ ৬০ লাখ মাৰ্কিন ডলাৰহে লাভ কৰা বুলি জানিব পৰা গৈছে। টিকট বিক্ৰী আৰু পৃষ্ঠপোষকৰ ক্ষেত্ৰতো দেশখনৰ উপাৰ্জন একেবাৰে নগণ্য। খালি পৰি ৰৈছিল ষ্টেডিয়ামৰ আসন।
যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এই লোকচানৰ ক্ষতিপূৰণ পাবলৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এতিয়া খেলুৱৈসকলৰ পৰা দৰমহাৰ টকা আদায় কৰিছে। ৰাষ্ট্ৰীয় টি-২০ চেম্পিয়নশ্বিপৰ মেচ মাচুল ৯০শতাংশ কৰ্তন কৰাৰ বিপৰীতে ৰিজাৰ্ভ খেলুৱৈৰ দৰমহা ৮৭.৫ শতাংশ হ্ৰাস কৰাৰ এক চাঞ্চল্যকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পিচিবি পৰিচালনা সমিতিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ