অসম লাইভ২৪ঃ পাকিস্তানৰ অৰ্থনৈতিক সংকটৰ কথা কোনে নাজানে? এফালে দেশৰ ৰাজনৈতিক পৰিস্থিতিত অস্থিৰতা, অন্যহাতে জীৱিকা নিৰ্বাহৰ বাবে একাংশই সংগ্ৰাম কৰিব লগা হৈছে। কেই সপ্তাহৰ আগলৈকে জীৱিকাৰো হাহাকাৰ চলিছিল পাকিস্তানত। অন্যান্য সামগ্ৰী বাদেই গাখীৰৰ দামো আকাশলংঘী হৈ পৰিছিল পাকিস্তানত। বিনামূলীয়া ময়দাৰ বাবে ট্ৰাকৰ পিছে পিছে দৌৰিছিল সাধাৰণ মানুহে। নিত্যপ্ৰয়োজনীয় সামগ্ৰীক লৈ কাঢ়াকাঢ়িও লাগিছিল জনতাৰ মাজত। পাকিস্তানত জনতাৰ মাজত অৰ্থসংকটে দেখা দিয়াৰ সময়তে সেনাবাহিনীসকলৰ মাজত দেখা গৈছে বিপৰীত ছবি। জিডিপিৰ ফালেৰে পাকিস্তানে বিশ্বৰ ৪২ সংখ্যক স্থানত আছে। অথচ সামৰিক শক্তিৰ তালিকাত বিশ্বৰ প্ৰথম শাৰীৰ দেশৰ ভিতৰত এখনেই হৈছে পাকিস্তান। বিশ্বৰ ভিতৰতে পাকিস্তানৰ সেনা আছে সপ্তম স্থানত। সেই একেই তালিকাত আছে ফ্ৰান্স, অষ্ট্ৰেলিয়া, ইটালী, ইজৰাইলৰ দৰে দেশ।
পাকিস্তানৰ সকলোতকৈ শক্তিশালী সংগঠন হৈছে দেশৰ সেনা। তেওঁলোকৰ অধীনতেই আছে বিদ্যালয়কে ধৰি বিভিন্ন সংস্থা। পাক সেনাত বৰ্তমান কৰ্মৰত হৈ আছে ৫ লাখ ৬০ হাজাৰ জোৱান। দুহেজাৰ টেঙ্ক, চাৰি হেজাৰৰো অধিক অত্যাধুনিক কামান, ৪২৫ খন যুদ্ধবিমান আৰু চাবমেৰিনো আছে পাক সেনাৰ হাতত। ইয়াৰোপৰি পাকিস্তানৰ সৈতে আছে চীনা সেনাৰ সমৰ্থন। যিয়ে তেওঁলোকৰ শক্তি বৃদ্ধি কৰিছে। প্ৰযুক্তিগত দিশেৰে চীনৰ সেনাবাহিনী পাকিস্তানৰ সেনাতকৈ উন্নত। পৰমানু অস্ত্ৰৰেও পাকিস্তান বহু আগুৱাই আছে। পাকিস্তানৰ সেনাৰ হাতত আছে ১৫০ টা পৰমানৱিক অস্ত্ৰ। ভাৰতৰ হাতত আছে ১৪০ টা পাৰমানৱিক অস্ত্ৰ।
১৯৯৩ ৰ পৰা ২০০৬ চনলৈ পাকিস্তান চৰকাৰে দেশৰ ২০ শতাংশ খৰচ সেনাৰ উন্নয়নৰ স্বাৰ্থতেই খৰচ কৰিছে। চৰকাৰৰ তৰফৰ পৰা লাভ কৰা অৰ্থৰ ওপৰিও পাক সেনাৰ নিজস্ব উপাৰ্জন বহু বেছি। তেওঁলোকৰ অধীনত থকা বিদ্যালয়, মাটিৰ পৰাই বহু পৰিমানৰ অৰ্থ আয় কৰে পাক সেনাই। পাকিস্তানত সেনাই সৰ্বেসৰ্বা। গণতান্ত্ৰিক দেশ হ’লেও তাত সেনাৰ কথাই শেষ কথা। দেশৰ ৰাজনৈতিক ইতিহাস যদি চোৱা যায় তেন্তে পাকিস্তানত কোনো চৰকাৰেই ৫ বছৰতকৈ বেছি নিটিকে। বাৰে বাৰে তাত সামৰিক শাসন আহিছে।
পাকিস্তানৰ দ্বিতীয় বৃহত্তম বাণিজ্যিক গোষ্ঠী ফৌজী ফাউণ্ডেছন। বেলেগ বেলেগ ক্ষেত্ৰৰ সেনাই এই ব্ৰেণ্ডত বিনিয়োগ কৰিছে। কৃষি বেংক, চিমেণ্ট, পেট্ৰলিয়ামকে ধৰি বিভিন্ন পণ্যৰ ব্যৱসায় চলাই এই সেনাৰ ফাউণ্ডেছনটোৱে। পাকিস্তানৰ সেনা ৫০ ৰো অধিক পৃথক পৃথক সংস্থাৰ মালিক। এই সংস্থাসমূহৰ পৰা বছৰত ২,৬৫০ কোটি ডলাৰ আয় কৰে পাক সেনাই। এই পৰিসংখ্যা ভাৰতীয় ধনকুবেৰ গৌতম আদানী আৰু মুকেশ আম্বানীৰ আয়তকৈয়ো বেছি।
২০০৭ চনত পাক সেনাৰ মুঠ সম্পত্তি আছিল ১ হাজাৰ কোটি পাউণ্ড। ভাৰতীয় মুদ্ৰাত এই অৰ্থৰ পৰিমান ১ লাখ কোটি টকাৰো বেছি। ২০০৭ চনত পাকিস্তানৰ বিদেশী বিনিয়োগ আছিল ৪ শতাংশৰো বেছি। পাকিস্তানী যুৱকৰ সেনাবাহিনীত চাকৰি কৰাটোৱেই আটাইতকৈ ডাঙৰ সপোন। পাকিস্তানৰ প্ৰায়সংখ্যক সেনাই কোটিপতি। পাকিস্তানৰ কোনো মেজৰ জেনেৰেলে অৱসৰ গ্ৰহণ কৰিলে তেওঁক উপহাৰ হিচাপে ২৪০ একৰ ভূমি প্ৰদান কৰা হয়। পাক সেনাৰ সন্তানে সাধাৰণতে বিদেশতেই পঢ়াশুনা কৰে। পাক সেনাৰ বিলাসী জীৱন ধাৰণৰ প্ৰণালী আম্বানীৰ দৰে ধনকুবেৰতকৈ কোনো গুণে কম নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ